ETV Bharat / bharat

গণতন্ত্ৰৰ গহণা

author img

By

Published : Nov 26, 2019, 8:50 PM IST

Updated : Nov 26, 2019, 10:28 PM IST

গণতন্ত্ৰত সংবিধানৰ প্ৰয়োজনীয়তা ৷ ভাৰতবৰ্ষৰ সাংবিধানিক ব্যৱস্থা ৷ পৰিণাম স্বৰূপে সমাজত সংঘৰ্ষ তথা সংঘাতৰ ঘটনা দিনক-দিনে বৃদ্ধি পাইছে ৷ সমাজৰ এই অৰাজক পৰিৱেশৰ জটিলতাৰ ভাৰসাম্যতাক বজাই ৰাখিবলৈ কিছুমান নতুন নিয়মৰ সংশোধনৰ বাৰুকৈয়ে প্ৰয়োজনীয়তা আহি পৰিছে ৷

The jewel of democracy
গণতন্ত্ৰৰ গহণা

নিউজ ডেস্ক. 26 নৱেম্বৰঃ পৃথিৱীত মানুহক জীৱ শ্ৰেষ্ঠ বুলি গণ্য কৰা হয় ৷ মানুহে অন্য প্ৰাণীক ক্ষতি নকৰাকৈ সৌহাদ্যপূৰ্ণ জীৱন-যাপন কৰে ৷ কিন্তু বৰ্তমান আধুনিকতাৰ কৰাল গ্ৰাসত পৰা পৃথিৱীৰ জনসংখ্যা বিস্ফোৰণে মানুহক প্ৰয়োজনতকৈ অধিক স্বাৰ্থপৰ কৰি তুলিছে ৷ ইয়াৰ পৰিণাম স্বৰূপে সমাজত সংঘৰ্ষ তথা সংঘাতৰ ঘটনা দিনক-দিনে বৃদ্ধি পাইছে ৷ সমাজৰ এই অৰাজক পৰিৱেশৰ জটিলতাৰ ভাৰসাম্যতাক বজাই ৰাখিবলৈ কিছুমান নতুন নিয়মৰ সংশোধনৰ বাৰুকৈয়ে প্ৰয়োজনীয়তা আহি পৰিছে ৷ আৰু ইয়াকে সংবিধান বোলা হয় ৷

আধুনিক মানুহ কেৱল এক সামাজিক জীৱই নহয় ইয়াক এক ৰাজনৈতিক প্ৰাণী বুলিও গণ্য কৰা হয় ৷ এটা নিৰ্দ্দিষ্ট অঞ্চলত সামাজিকভাৱে বসবাস কৰি জীৱন-ধাৰণৰ এক প্ৰণালী বিকশিত কৰিছিল আৰু ইয়াক ৰাজ্য বোলা হয় ৷

ৰাজ্যই চৰকাৰ নামেৰে এটা ব্যৱস্থাৰ সৃষ্টি কৰিছে য’ত সাংবিধানিক কাৰ্যকাৰিতা,ন্যায়িক ব্যৱস্থা,শক্তি,কাৰ্য,নাগৰিকৰ অধিকাৰ আৰু গণতান্ত্ৰিক চৰকাৰৰ দায়িত্ব সংবিধানত নিহিত হৈ আছে ৷ ই দেশৰ সৰ্বোচ্চ অধ্যাদেশ ৷ সংবিধানে শাসক আৰু শাসিতৰ মাজত সম্পৰ্কৰ নিয়ন্ত্ৰণ ৰক্ষা কৰে ৷ সংবিধান এখন ৰাজ্যৰ কংকাল সদৃশ ৷ এক গণতান্ত্ৰিক ব্যৱস্থাত চৰকাৰৰ লগত জনসাধাৰণৰ অংশগ্ৰহণকাৰী,জনগণৰ প্ৰতিনিধি,আমোলা আৰু ন্যায়পালিকাই চৰকাৰৰ ফালৰ পৰা ৰাইজৰ উত্তৰদায়ী হিচাপে অত্যন্ত গুৰুত্বপূৰ্ণ ৷ সংবিধানে এই গুৰুত্বপূৰ্ণ কাৰ্যৰ বাবে স্থিতিশীলতা প্ৰদান কৰে ৷ সাংবিধানিক অখণ্ডতা গণতন্ত্ৰৰ আধাৰশিলা হিচাপে গণ্য কৰা হয় ৷

মুখ্য উদ্দেশ্যঃ

গণতন্ত্ৰত নাগৰিক শাসক আৰু শাসিত ৷ সেইবাবে চৰকাৰে যোগসূত্ৰ স্থাপন কৰিবলৈ এখন সংবিধানৰ প্ৰয়োজন জানো ? উত্তৰত ‘হয়’ ৷ সংবিধান তলত উল্লেখিত 5 টা মুখ্য উদ্দেশ্য পুৰণৰ বাবে সঠিক উপকৰণঃ

* চৰকাৰৰ শক্তি সীমিত কৰা ৷
* সাধাৰণ মানুহক ক্ষমতাৰ অপব্যৱহাৰৰ পৰা ৰক্ষা কৰা ৷
* বৰ্তমান তথা ভৱিষ্যৎ প্ৰজন্মক অপ্ৰত্যাশিত পৰিৱৰ্তনৰ সহ্য সহন তথা নিয়ন্ত্ৰিত কৰা ৷
* সমাজৰ নিপীড়িত শ্ৰেণীক সবলীকৰণ কৰা ৷
* বৈষম্যতা দূৰ কৰি এখন সমান সমাজ স্থাপন কৰা ৷

এই লক্ষ্যসমূহ পূৰ কৰাৰ বাবে সংবিধানত কিছুমান সুৰক্ষা উপাদানৰ অন্তৰ্ভুক্তি কৰা হৈছে সেইসমূহ হ’লঃ

যথাযথ অধিকাৰসহ সুৰক্ষাঃ

ভাৰতৰ সংবিধানে মৌলিক অধিকাৰ তথা নাগৰিকৰ স্বাধীনতাক ৰক্ষা কৰে আৰু চৰকাৰী কৰ্তৃত্বক সীমাবদ্ধ কৰে ৷ নিৰ্দেশাত্মক নীতি,সামাজিক আৰু আৰ্থিক ন্যায় অৰ্জনৰ বাবে ৰাজ্যক আদেশ প্ৰদান কৰে ৷ সংবিধানত অন্তৰ্ভুক্ত ধমৰ্ৰ স্বাধীনতাৰ অধিকাৰে ধৰ্মীয় সংখ্যালঘুৰ সুৰক্ষাৰ নিশ্চিত প্ৰদান কৰে ৷ ধৰ্ম নিৰপেক্ষতা,ধৰ্ম আৰু সাংস্কৃতিক বিষয়ৰ ওপৰত চৰকাৰী হস্তক্ষেপ নিষিদ্ধ কৰে ৷ সংবিধানৰ 17 নং অনুচ্ছেদত অস্পৃশ্যতাৰ বয়সৰ পুৰণি প্ৰথা নিষিদ্ধ কৰা হৈছে ৷ এইবোৰ আশ্বাসৰ উপৰিও দেশৰ আন এটা মুখ্য দিশ হ’ল স্বাধীন বিচাৰ ব্যৱস্থা প্ৰতিষ্ঠা ৷

অৰ্ধ যুক্তৰাষ্ট্ৰবাদঃ

যদিওবা আমেৰিকাৰ সংবিধানে ভাৰতৰ সংবিধানক প্ৰভাৱিত কৰিছে কিন্তু আমাৰ সংবিধানৰ নিৰ্মাতাসকলে এক অৰ্ধ যুক্তৰাষ্ট্ৰবাদীয় ব্যৱস্থাৰ সমৰ্থন কৰিছে ৷ ধৰ্মীয় ভিত্তিত ভাৰতীয় উপ-মহাদেশৰ বিচ্ছিন্নতাবাদী তথা উত্তৰ-পূৱ অঞ্চলৰ মানুহৰ বিচ্ছিন্নতাবাদী প্ৰৱণতাই এখন পৃথক সংবিধানৰ বাবে প্ৰেৰণা যোগাই ৷ অৰ্ধ যুক্তৰাষ্ট্ৰবাদীয় চৰকাৰ ব্যৱস্থাই কেন্দ্ৰত এক শক্তিশালী চৰকাৰী ব্যৱস্থা আৰু ৰাজ্যসমূহৰ বাবে বিভিন্ন সহযোগী চৰকাৰৰ ব্যৱস্থাৰ পোষকতা কৰে ৷

The jewel of democracy
গণতন্ত্ৰৰ গহণা

সংসদীয় চৰকাৰঃ

আমাৰ সংবিধান প্ৰণেতাসকলে ৰাষ্ট্ৰপতীয় আৰু সংসদীয় ব্যৱস্থাৰ উপযুক্ততাৰ সাংবিধানিক পৰীক্ষা কৰিছে আৰু ভাৰতৰ জনসাধাৰণৰ বাবে সংসদীয় ব্যৱস্থাক মান্যতা প্ৰদান কৰে ৷ দেশৰ বিভিন্ন অংশ আৰু বিভাগৰ বাবে শাসন আৰু দায়িত্বক যথাযথ স্থান প্ৰদান কৰি ৰাষ্ট্ৰপতীয় পদ্ধতিত প্ৰচলিত ক্ষমতাৰ কেন্দ্ৰীকৰণৰ পৰা মুক্ত কৰে ৷ সংসদীয় চৰকাৰে ৰাজনৈতিক পৰিস্থিতিৰ পৰিৱৰ্তনৰ সৈতে খাপ খোৱাৰ লগতে তাৰ প্ৰয়োজনীয়তাৰ পথ সুচল কৰে ৷

আকাঙ্খা জানো পূৰণ হয় ?

আমাৰ সংবিধানে বিগত 70 বছৰত গড় হিচাপত নাগৰিকৰ আকাঙ্খাক জানো পূৰ কৰিছে ? ইয়াৰ উত্তৰ হয় বা নহয় ৷ দ্বিতীয় বিশ্বযুদ্ধৰ পিচত স্বাধীনতা লাভ কৰা বহু দেশৰ গণতন্ত্ৰ একনায়কত্ববাদত পৰিণত হৈছে ৷ যুগোশ্লোভিয়া, ছোভিয়েট ইউনিয়ন আৰু চুডানৰ দৰে দেশ খণ্ডিত হৈ গৈছে এখন গণতান্ত্ৰিক দেশ আৰু ইয়াৰ আঞ্চলিক অখণ্ডতাৰ ৰূপত ভাৰতৰ সফলতাৰ ক্ষেত্ৰত মুখ্য কাৰণ হৈছে সংবিধানৰ ভাৰসাম্যতা ৷ আমাৰ দেশে জাতীয়তাবাদৰ বাবে নিজৰ এক সুকীয়া স্থানৰ সৃষ্টি কৰিছে যদিও সাধাৰণ মানুহৰ জীৱন-ধাৰণ এতিয়াও সহজলভ্য নহয় ৷ দিনে-প্ৰতিদিনে নৈতিক প্ৰমূল্যবোধক বঢ়োৱা,সংকীৰ্ণতা বঢ়োৱা,আঞ্চলিকতাবাদ,ভাষাগত আৰু সাম্প্ৰদায়িক পাৰ্থক্য,অপৰাধ ৰাজনীতি এই সকলোবোৰে ৰাজনৈতিক দলবোৰৰ সুবিধাবাদী প্ৰবৃত্তিৰ সৃষ্টি কৰে ৷ এইবোৰৰ বাবে আমি সকলোৱে ব্যক্তিগত তথা সামূহিকভাৱে জগৰীয়া ৷ সকলো বিভাগে দায়িত্ব পালনত ব্যৰ্থ হৈছে ৷ সেইসকলে নিজৰ বিফলতাক ঢাকিবলৈ সংবিধানৰ ফালে ইংগিত প্ৰদান কৰে ৷ ৰাষ্ট্ৰীয় অখণ্ডতা, সমানতা আৰু প্ৰগতি বজাই ৰখাতো আমাৰ সকলোৰে দায়িত্ব আছে ৷

-ড৹ বিজেবি কৃপানন্দন
প্ৰৱক্তা,ৰাজনীতি বিজ্ঞান

আৰু পঢ়কঃ আজি উদযাপন কৰা হয় ‘সংবিধান দিৱস’

Intro:Body:

The jewel of democracy

Conclusion:
Last Updated : Nov 26, 2019, 10:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.