ETV Bharat / bharat

বাৰ্ড ফ্লুৰ ভয়াৱহতা: ল’বলগীয়া সাৱধানতাসমূহ

author img

By

Published : Jan 9, 2021, 8:50 PM IST

এভিয়ান ইনফ্লুয়েঞ্জা অথবা বাৰ্ড ফ্লুৱে শেহতীয়াকৈ ভাৰতত এক ভীতিগ্ৰস্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ কিন্তু কি হয় এই বাৰ্ড ফ্লু, অথবা ক'ভিড-19 ৰ দৰে ই কিমান ভয়াৱহ এই সকলো দিশৰ ওপৰত ইটিভি ভাৰতৰ সৈতে বাৰ্তালাপ কৰে পশুৰোগ বিশেষজ্ঞ ডাঃ প্ৰদীপ কিৰণ পঞ্চন্দীয়ে ৷

The Growing Panic Of Bird Flu: All You Need To Know
বাৰ্ড ফ্লুৰ ভয়াৱহতা: ল’বলগীয়া সাৱধানতাসমূহ

নিউজ ডেস্ক, 9 জানুৱাৰী : যিসময়ত ক'ভিড-19 ৰ ভয়াৱহতাৰ সৈতে বিশ্বই যুঁজ দি আছে, সেই সময়ত ভাৰতে আন এক ফ্লুৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ৷ এভিয়ান ইনফ্লুয়েঞ্জা অথবা বাৰ্ড ফ্লুৱে শেহতীয়াকৈ ভাৰতত এক ভীতিগ্ৰস্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ কিন্তু কি হয় এই বাৰ্ড ফ্লু, অথবা ক'ভিড-19 ৰ দৰে ই কিমান ভয়াৱহ এই সকলো দিশৰ ওপৰত ইটিভি ভাৰতৰ সৈতে বাৰ্তালাপ কৰে পশুৰোগ বিশেষজ্ঞ ডাঃ প্ৰদীপ কিৰণ পঞ্চন্দীয়ে ৷

কি হয় বাৰ্ড ফ্লু আৰু ই কিদৰে বিয়পে ?

ডাঃ প্ৰদীপে কোৱা অনুসৰি, এভিয়ান ইনফ্লুয়েঞ্জা অথবা বাৰ্ড ফ্লু হৈছে চৰাইৰ দেহত হোৱা এক সংক্ৰামক ইনফ্লুয়েঞ্জা ভাইৰাছ ৷ বনৰীয়া চৰাইৰ পৰা এই ভাইৰাছ পোহনীয়া চৰাইলৈ বিয়পে আৰু কুকুৰাৰ লগতে হাঁহৰ দেহত ইয়াৰ উপস্থিতি পোৱা যায় ৷ এই ভাইৰাছ সাধাৰণতে চৰাইৰ বিষ্ঠা অথবা লেলাউটিৰ দ্বাৰা বিয়পে ৷ মানুহৰ দেহলৈ ই কমেই বিয়পে আৰু চৰাইৰ দেহতে ইয়াৰ উপস্থিতি পোৱা যায় ৷ কিন্তু চৰাইৰ ফাৰ্মত কাম কৰা লোকে সুৰক্ষাজনিত সৰঞ্জাম যেনে মাস্ক, হাত মোজা ব্যৱহাৰ নকৰিলে ইয়াৰ চিকাৰ হ’ব পাৰে ৷ কিন্তু সেয়াও যদিহে ভাইৰাছটো অতিমাত্ৰা পাথোজেনিক হয় তেতিয়াহে এই মানৱ দেহলৈ সংক্ৰমণ হ’ব পাৰে ৷

প্ৰথমটো বাৰ্ড ফ্লু HPAI A(H5N1) ভাইৰাছৰ সংক্ৰমণ 1997 চনত চীনত ধৰা পৰিছিল ৷ কিন্তু সকলো প্ৰকাৰৰ এভিয়ান ইনফ্লুয়েঞ্জা ভাইৰাছে মানুহক ক্ষতিসাধন কৰিব নোৱাৰে ৷ ইয়াৰ ভিতৰত দুটাকৈ ভাইৰাছ A(H5N1) আৰু A(H7N9) মানুহৰ বাবে ক্ষতিকাৰক ৷ অন্য ভাইৰাছসমূহ হৈছে যিয়ে মানৱ দেহলৈ সংক্ৰমিত হয় H7N3, H7N7, আৰু H9N2 ভাইৰাছ ৷

বাৰ্ড ফ্লুৰ লক্ষণ আৰু ভয়াৱহতা

ডাঃ প্ৰদীপে কোৱা অনুসৰি, বাৰ্ড ফ্লুৰ লক্ষণসমূহ অন্যান্য ফ্লুৰ পৰা পৃথক নহয় ৷ যদিহে কোনোবাই এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়, তেতিয়াহ’লে কাঁহ, বোৱতি নাক, জ্বৰ, হাঁচি, শুকান ডিঙি, শৰীৰৰ বিষ আদি লক্ষণসমূহ দেখা পোৱা যায় ৷

একেবাৰে অধিক ভয়ংকৰ হ’লে মানুহে উশাহ-নিশাহ লোৱাত কষ্ট পাব পাৰে ৷ ইয়াৰ উপৰিও নিমোনিয়া, শ্বসনতন্ত্ৰৰ সমস্যা আৰু অংগ-প্ৰতংগৰ অসুবিধাত ভূগিব পাৰে ৷ কিন্তু বাৰ্ড ফ্লুৰ দ্বাৰা এনেকুৱা ঘটনা সংঘটিত হোৱাটো একেবাৰে কম সংখ্যক ৷ সংক্ৰমণৰ স্তৰ 600-1000 ভিতৰত থাকিলেও মৃত্যুৰ হাৰ 100 ভিতৰত হয় ৷ ইয়াৰ দ্বাৰাই ক'ভিড-19 ৰ সমানে বাৰ্ড ফ্লু ভয়ংকৰ নহয় বুলি ক’ব পাৰি ৷

বাৰ্ড ফ্লুৰ পৰা কিদৰে ৰক্ষা পৰিব ?

যিহেতু এৰাই চলাটো চিকিৎসাৰ পৰিৱৰ্তে অধিক জৰুৰী, বাৰ্ড ফ্লুৰ পৰাও বিভিন্ন ধৰণে ৰক্ষা পৰিব পাৰি ৷ ইয়াৰ ভিতৰত অকলশৰীয়াকৈ থকাঃ বাৰ্ড ফ্লুৰ লক্ষণসমূহ দেখা দিয়াৰ পিচত চৰকাৰে সমগ্ৰ অঞ্চলটো একাশৰীয়া কৰিব লাগে ৷ চৰাইৰ মৃত্যু হোৱা স্থানৰ পৰা 1 কিলোমিটাৰৰ ভিতৰত সমগ্ৰ অঞ্চলটো বন্ধ কৰি দিব লাগে ৷ সংক্ৰমিত চৰাইৰ হত্যাঃ সংক্ৰমিত চৰাইসমূহ নিধন কৰি অন্যান্য স্বাস্থ্যৱান চৰাইসমূহক ইয়াৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি ৷

কোৱাৰেন্টাইনঃ যদিহে কোনো ব্যক্তিয়ে ফ্লুৰ দৰে লক্ষণ দেখা পোৱা যায়, বিশেষকৈ চৰাইৰ সংস্পৰ্শত থকা ব্যক্তিসকলক লগে-লগেই কোৱাৰেন্টাইন কৰিব লাগে ৷

প্ৰতিষেধক প্ৰদানঃ মানুহৰ ক্ষেত্ৰত প্ৰতিষেধক প্ৰদান কৰিবলৈ এতিয়ালৈকে ইয়াৰ প্ৰতিষেধক ওলোৱা নাই ৷ কিন্তু চৰাইৰ ক্ষেত্ৰত এয়া উপলব্ধ আৰু সময়ে সময়ে ইয়াক প্ৰদান কৰিব লাগে ৷ কিন্তু ইয়াৰ ফলাফল সিমান সন্তোষজনক নহয় ৷

উপযুক্ত ৰন্ধনঃ চৰাইৰ ফাৰ্মত কাম কৰা মানুহৰ লগতে যিসকলে কুকুৰাৰ মাংস, কনী আদি সেৱন কৰে, তেওঁলোকে মাংস অথবা কনীসমূহ ৰান্ধোতে ভালদৰে চাফা কৰি লৈ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ইয়াক ভালদৰে ৰান্ধি প্ৰস্তুত কৰিব লাগে ৷

চিকিৎসাঃ ডাঃ প্ৰদীপে কোৱা অনুসৰি, বৰ্তমানে বাৰ্ড ফ্লুৰ বাবে চাৰিটা ড্ৰাগ উপলব্ধ আছে ৷ Oseltamivir, Zanamivir, Peramivir আৰু শেহতীয়া Baloxavir Marboxil ড্ৰাগ হৈছে ইয়াৰ প্ৰতিষেধক ৷ সেয়েহে ওপৰত উল্লেখ কৰা লক্ষণসমূহ প্ৰত্যক্ষ কৰা হয়, তেতিয়াই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ ৷ নিজৰ মতে ঔষধ গ্ৰহণ নকৰিব ৷ এইসমূহ ড্ৰাগছ ছোৱাইন ফ্লুৰ চিকিৎসাতো ব্যৱহাৰ কৰিব পাৰি ৷ সংক্ৰমণ হোৱা দুদিন পিচৰ পৰাই চিকিৎসা আৰম্ভ কৰিব পাৰি ৷ সাধাৰণভাৱে সংক্ৰমিত এজনে নিজেই ভাল হৈ যায় ৷ কিন্তু অধিক পৰিমানে সংক্ৰমিত হ’লে 8-12 দিনৰ ভিতৰত মৃত্যু ঘটিব পাৰে ৷

ক'ভিড-19 আৰু বাৰ্ড ফ্লু

কৰ’ণা ভাইৰাছে এগৰাকী ব্যক্তিৰ ৰোগ প্ৰতিৰোধী ক্ষমতাক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰে ৷ যাৰ ফলত মানুহৰ মাজত এই ভাইৰাছৰ সংক্ৰমণৰ হাৰ অধিক ৷ ক'ভিড-19 ত আক্ৰান্ত ব্যক্তিৰ বাৰ্ড ফ্লু হোৱাৰ সম্ভাৱনাও অধিক ৷ ডাঃ প্ৰদীপে কোৱা অনুসৰি, বিজ্ঞানীসকলে সন্দেহ কৰিছে যে, এই দুয়োটা ভাইৰাছে একেলগ হৈ অন্য এটা ভাইৰাছ সৃষ্টি কৰিব পাৰে, যিটো অধিক ভয়ংকৰ হ’ব পাৰে ৷

লগতে পঢ়ক : বন-ৰাজহ বিভাগৰ চকু থলুৱা অসমীয়া ব্যৱসায়ীৰ ম‍্যাদী পট্টাৰ ভূমিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.