ETV Bharat / bharat

এইবাৰ মিছ ৱৰ্ল্ড আমেৰিকাৰ বিজেতাই পিন্ধিব ভাৰতত নিৰ্মিত মুকুট - গুৰুকৃপা এক্সপোৰ্ট

চলিত বৰ্ষত মিছ ৱৰ্ল্ড আমেৰিকাৰ বিজেতাৰ মুকুটটো গুজৰাটৰ চুৰটৰ পৰা ৰপ্তানি হৈছে ৷ আমেৰিকাৰ নিৰ্দেশানুসাৰে চুৰটৰ জেমছ এণ্ড জুৱেলাৰী কোম্পানী গুৰুকৃপা এক্সপোৰ্টে সাজি উলিয়াইছে হীৰাৰ মুকুটটো ৷

The diamond crown made in Surat for America's most beautiful young woman
মিছ ৱৰ্ল্ড আমেৰিকাৰ বিজেতাই পিন্ধিব ভাৰতত নিৰ্মিত মুকুট
author img

By

Published : Oct 22, 2020, 2:20 PM IST

নিউজ ডেস্ক,22 অক্টোবৰ : এইবাৰ গুজৰাটৰ চুৰটৰ ডায়মণ্ড জুৱেলাৰ্ছ কোম্পানীয়ে নিৰ্মাণ কৰা হীৰাৰ মুকুট পৰিধান কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটাইতকৈ ধুনীয়া মহিলা গৰাকীয়ে ৷ প্ৰতিবছৰে অনুষ্ঠিত হোৱা মিছ ৱৰ্ল্ড আমেৰিকাৰ বিজেতাৰ মুকুটটো হংকঙত প্ৰস্তুত কৰা হয় যদিও এইবাৰ এই সন্মানীয় নীলা হীৰাৰ মুকুটটো ভাৰতত প্ৰস্তুত কৰা হৈছে ৷ 650 কেৰেট হীৰা,650 গ্ৰাম সোণ আৰু 150 টা এমৰেল্ডেৰে এই ধুনীয়া মুকুটটো সাজি উলিওৱা হৈছে,যাৰ মূল্য কোটি টকা বুলি জানিব পৰা গৈছে ৷

মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজত হোৱা বিবাদৰ পাচত ভাৰতে এই সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে ৷ মুকুটটো বিশেষ আৰ্হিৰ বাবে 10 গৰাকী কৰ্মচাৰীয়ে 25 দিনলৈ প্ৰত্যেক দিনাই 8 ঘণ্টালৈ কৰিছিল ৷ ইতিমধ্যে মুকুটটো আমেৰিকালৈ ৰপ্তানি কৰা হৈছে ৷

উল্লেখ্য যে,চুৰটৰ জেমছ এণ্ড জুৱেলাৰী কোম্পানী গুৰুকৃপা এক্সপোৰ্টে এই হীৰাৰ মুকুটটো প্ৰস্তুত কৰি উলিয়াইছে ৷ কোম্পানীটোৰ R AND D বিভাগে প্ৰথমতে কাগজেৰে এটা মুকুট সাজি উলিয়ায় ৷ হস্তনিৰ্মিত কাগজৰ মুকুটটোৰ প্ৰতি প্ৰভাৱিত হৈ বেৱৰ্লী হিল্ছে মুকুটটো নিৰ্মাণৰ দায়িত্ব অৰ্পন কৰে ৷

লগতে পঢ়ক : তেলেংগানা: মুখ্যমন্ত্ৰী সাহাৰ্য পূঁজিলৈ ৰামোজী গ্ৰুপৰ 5 কোটিৰ অনুদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.