ETV Bharat / bharat

গভীৰ প্ৰহেলিকাৰ মাজত মণিপুৰৰ ৰাজনীতি - মুখ্যমন্ত্ৰী সিঙৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট

মঙলবাৰে কংগ্ৰেছে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ ৰাজ্য বিধানসভাৰ 60 জনীয়া সদস্যৰ সচিব আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল ৷ অনাস্থা প্ৰস্তাৱত কংগ্ৰেছে ড্ৰাগছৰ সৈতে জড়িত এক ঘটনাৰ চিবিআই তদন্ত দাবী কৰিছিল ৷

মণিপুৰৰ মুখ্যমন্ত্ৰী
বিৰেন সিং
author img

By

Published : Jul 31, 2020, 3:19 PM IST

মণিপুৰৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছে অনাস্থা প্ৰস্তাৱ অনাৰ পাচতে মুখ্যমন্ত্ৰী এন. বিৰেন সিঙে শাসকীয় দলৰ বিধায়কসকলৰ সৈতে এই সপ্তাহত এখন বৈঠকৰ আয়োজন কৰা ফলত উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যখনৰ ৰাজনীতি গভীৰ প্ৰহেলিকাৰ ফালে ঢাল খাইছে ৷ 10 আগষ্টৰ পৰা আৰম্ভ হ'ব লগা বিধানসভাৰ অধিৱেশনৰ পূৰ্বে ৰাজনীতি অতি জটিল পৰিস্থিতিলৈ ঢাল খাইছে ৷

মঙলবাৰে কংগ্ৰেছে মণিপুৰৰ ৰাজ্য বিধানসভাৰ 60 জনীয়া সদস্যৰ সচিব আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল ৷ অনাস্থা প্ৰস্তাৱত কংগ্ৰেছে ড্ৰাগছৰ সৈতে জড়িত এক ঘটনাৰ চিবিআই তদন্ত দাবী কৰিছিল ৷

ইয়াৰ পাচতে বুধবাৰে মুখ্যমন্ত্ৰী সিঙে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ নেশ্যনেল পিপলছ পাৰ্টী (NPP), নাগা পিপলছ ফ্ৰন্ট (NPF), এজন TMC বিধায়ক আৰু এজন নিৰ্দলীয় বিধায়কসহ 29 গৰাকী বিধায়কৰ এখন বৈঠক আয়োজন কৰিছিল ৷

তথ্য অনুসৰি,চাৰি বিজেপি বিধায়ক -এন.ইন্দ্ৰজিত,এল. ৰামেশ্বৰ মেইটেই,ডঃ ৱাই ৰাধেশ্যাম আৰু এল. ৰাধাকিশোৰ- বৈঠকত অনুপস্থিত আছিল ৷ বৰ্তমানৰ চৰকাৰ অব্যাহত ৰাখিবৰ বাবে এই চাৰিজন বিধায়কৰ সমৰ্থন অতিকৈ প্ৰয়োজনীয় ৷ এই বছৰৰে জুন মাহতো সংকটৰ সন্মুখীন হোৱা ৰাজ্যখনৰ চৰকাৰে পুনৰবাৰ এক সংকটৰ সন্মুখীন হৈছে ৷

যোৱা মাহত তিনি বিজেপি বিধায়কে দলৰ পৰা পদত্যাগ কৰিছিল আৰু কংগ্ৰেছত যোগদান কৰিছিল ৷ লগতে এনপিপিয়েও চৰকাৰৰ পৰা আঁতৰি অহাৰ ভাবুকি প্ৰদান কৰাত বিপদত পৰিছিল বিৰেন সিং চৰকাৰ ৷ উত্তৰ-পূৱৰ বিজেপিৰ মুখ্য সংকটমোচক আৰু উত্তৰ-পূৰ্বাঞ্চল গণতান্ত্ৰিক মিত্ৰজোঁটৰ (NEDA) আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা NPP ৰ নেতা কনৰাড ছাংমাৰ হস্তক্ষেপত এই সংকটৰ অন্ত পৰিছিল ৷

তাৰ পাচত, এই মাহৰ প্ৰথম ভাগতে বিজেপি প্ৰাৰ্থী লেইছেম্বা ছানাজাওবাক ভোট প্ৰদান কৰা বাবে কংগ্ৰেছে দুই বিধায়ক আৰ.কে. ইমো আৰু অক্ৰাম হেনৰীক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল ৷ ইমো হৈছে প্ৰাক্তন কংগ্ৰেছ মুখ্যমন্ত্ৰী আৰ.কে.জয়চন্দ্ৰ সিঙৰ পুত্ৰ আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী বিৰেন সিঙৰ জোঁৱায়েক ৷ আনহাতে,হেনৰী হৈছে প্ৰাক্তন কংগ্ৰেছ মুখ্যমন্ত্ৰী আৰু চিএলপিৰ নেতা অক্ৰাম ইবোবি সিঙৰ ভতিজাক ৷

তথ্যৰ মতে,ইমো আৰু ইবোবি সিঙৰ মাজত সংঘাত বৃদ্ধি পাইছে ৷ ইবোবি সিঙে ইমোক দলৰ ভিতৰতে এক ভাবুকি বুলি গণ্য কৰা বাবেই এই সংঘাতৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে ৷ ইমো কংগ্ৰেছৰ বিধায়ক হ'লেও বিজেপি নেতৃত্বাধীন মুখ্যমন্ত্ৰীৰ জোঁৱায়েক ৷

আনহাতে,মুখ্যমন্ত্ৰী বিৰেন সিঙে নিজৰ দলৰে অন্য এজন মুখ্যমন্ত্ৰী প্ৰয়াসী বিশ্বজিত সিঙৰ বাবেও দলৰ মাজতে বিদ্ৰোহৰ সন্মুখীন হৈছে ৷ যোৱা বছৰ,তেওঁৰ নেতৃত্বতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই বিৰেন সিঙক পদচ্যুত কৰাৰ চেষ্টা কৰিছিল ৷

ড্ৰাগছৰ এক গোচৰত মণিপুৰ উচ্চ ন্যায়ালয়ত টি ব্ৰিন্দা নামৰ আৰক্ষী বিষয়াগৰাকীয়ে শপতনামা প্ৰদান কৰাৰ পাচতে কংগ্ৰেছে এই সপ্তাহতে চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল ৷ এই গোচৰৰ সৈতে জড়িত আছিল ৰাজ্যখনত বিজেপিৰ শাসন আৰম্ভ হোৱাৰ পাচতে দলটোত যোগদান কৰা চাণ্ডেল স্বায়ত্বশাসিত জিলা পৰিষদৰ (ADC) প্ৰাক্তন অধ্যক্ষ লোকছেই জৌ ৷

2018 চনত বৰ্তমান নাৰ্কোটিকছ আৰু সীমান্ত সম্পৰ্কীয় ঘটনাৰ (NAB) অতিৰিক্ত আৰক্ষী অধীক্ষক ব্ৰিন্দাই জৌৰ চৰকাৰী কাৰ্যালয়ৰ পৰা ড্ৰাগছ আৰু পুৰণা মুদ্ৰা উদ্ধাৰ কৰিছিল ৷

এই মাহৰ প্ৰথমতে প্ৰদান কৰা এফিডেভিটত ব্ৰিন্দাই কৈছিল যে, মুখ্যমন্ত্ৰী বিৰেন সিঙে জৌক মুকলি, জৌ আৰু অন্যান্যৰ বিৰুদ্ধে থকা অভিযোগ উঠাই ল'বলৈ তেওঁক চাপ প্ৰয়োগ কৰিছিল ৷ কিন্তু ইয়াৰ পাচতে এই অভিযোগ অস্বীকাৰ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ড্ৰাগছৰ ঘটনাটোৰ কংগ্ৰেছ দলে চিবিআইৰ তদন্ত দাবী কৰি আহিছে ৷ ব্ৰিন্দাৰ শপতনামাৰ পাচতে দলটোৱে অনাস্থা প্ৰস্তাৱ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷ 10 আগষ্টত বিধানসভাৰ বৈঠকৰ দিনা এই অনাস্থা প্ৰস্তাৱটো উপস্থাপন কৰে নে নাই সেয়া লক্ষণীয় হ'ব ৷

লেখকঃ -অৰুণিম ভূঞা

লগতে পঢ়ক : ৰাজস্থান ৰাজনৈতিক সংকট : জয়শালমেৰলৈ স্থানান্তৰিত হ'ব অশোক গেহটল শিবিৰৰ বিধায়কক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.