নিউজ ডেস্ক, 27 আগষ্টঃ ভাৰতৰ অগ্ৰণী বৈজ্ঞানিক ডঃ আৰ এ মাচেলকাৰে বিশ্ব বিখ্যাত "জয়পুৰ ফুট"ৰ বিষয়ে বৰ্ণনা আগবঢ়াইছিল ৷ এই জয়পুৰ ফুটে প্ৰায় 1.8 মিলিয়ন বিশেষভাৱে সক্ষম লোকক দেশ-বিদেশৰ বিভিন্ন কেন্দ্ৰত উপকৃত কৰি আহিছে ৷ এই জয়পুৰ ফুট গান্ধীবাদী অভিযান্ত্ৰিক প্ৰযুক্তিৰেই ফলশ্ৰুতি ৷ এই প্ৰযুক্তি মিতব্যয়ী নৱীকৰণ নীতিৰ বহিঃপ্ৰকাশ য'ত সৰ্বোচ্চ সম্ভাৱনাৰ পৰা সৰ্বনিম্নলৈ সন্ধান কৰা হয ৷
এই জয়পুৰ ফুট যথেষ্ট কম খৰচী কিন্তু প্ৰযুক্তিগতভাৱে যথেষ্ট উচ্চমানৰ ৷ ই এক উন্নত কৃত্ৰিম অংগ যাৰ বজাৰ মূল্য হৈছে 4,100 টকা ৷ ভগৱান মহাবীৰ বিকলাংগ সহায়তা সমিতিয়ে উদ্ভাৱন কৰা এই কৃত্ৰিম অংগবিধে বহু বিশেষভাৱে সক্ষমক সন্মানৰ সৈতে খোজ কঢ়াৰ গৌৰৱ প্ৰদান কৰিছে ৷
ভগৱান মহাবীৰ বিকলাংগ সমিতিৰ প্ৰতিষ্ঠাপক দেৱেন্দ্ৰ মেহতা পেচাত এগৰাকী অসামৰিক কৰ্মচাৰী আছিল আৰু তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটী গৱৰ্ণৰৰ পদ অলংকৃত কৰাৰ পৰৱৰ্তী সময়ত সুৰক্ষা আৰু বিনিময় বৰ্ডৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ তেখেতে বিন এম ভি এছ এছ ৰো প্ৰতিষ্ঠা কৰিছিল,যিয়েই প্ৰসিদ্ধ জয়পুৰ ফুটৰো এক অভিন্ন অংশ ৷
ডঃ মেহতাই কৈছিল," মই চৌৰাল্লিছ বছৰৰ আগতে গান্ধীবাদী আদৰ্শৰ অংশ হিচাপে বি এম ভি এছ এছ ৰ আৰম্ভ কৰিছিলো ৷ সেইসময়ত আশ্ৰমত সদায় পুৱাৰ প্ৰাৰ্থনা সভাত গান্ধীজীয়ে "বৈষ্ণৱ জান্ত তেনে কাহিয়ে,জৌ পিৰ পাৰায়ে জানী ৰে" এই বিখ্যাত মন্ত্ৰ ফাঁকি গাইছিল ৷ আমি বি এম ভি এছ এছত থাকোতে বেলেগৰ বেদনা সম্পৰ্কে অনুধাৱন কৰিবলৈ সক্ষম হৈছিলো ৷ যিসকলে বি এম ভি এছ এছৰ কেন্দ্ৰলৈ লেঙেৰাই অথবা চুচুৰি আহিছিল,তেওঁলোকও ওভতি যোৱাৰ সময়ত চলন-ফিৰণ কৰিব পৰাকৈ সক্ষম হোৱাৰ উপৰিও সন্মানসহিত জীৱন লাভ কৰিছিল ."
মেহতাই আইনষ্টাইনৰ বিষয়ে যথেষ্ট অধ্যয়ন কৰিছিল আৰু তেওঁ কৈছিল বিংশ শতিকাক ভাৰতৰ বৃহৎতম উপহাৰ হৈছে গান্ধীজী আৰু একবিংশ শতিকাত গান্ধীবাদী অভিযান্ত্ৰিক প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি এক নতুন সংযোজনৰ ধাৰা প্ৰৱৰ্তন কৰিব পাৰে ভাৰতে ৷
তেওঁ লগতে কয় যে গান্ধীবাদী অভিযান্ত্ৰিক প্ৰযুক্তিয়ে উদ্ভাৱনবোৰ কেৱল মাত্ৰ গ্ৰহণযোগ্য মূল্যতেই লাভ কৰাত গুৰুত্ব দিয়া নাছিল,বৰঞ্চ এই প্ৰযুক্তিক অতি গ্ৰহণযোগ্য মূল্যত উপলব্ধ কৰাৰ ওপৰত জোৰ দিছিল ৷ 'More from less for more'(এমএলএম) এই ধাৰণাক অত্যাধিক অংশগ্ৰহণকাৰীক উদ্ভাৱন প্ৰক্ৰিয়াত লগাই অৰ্জন কৰিব পাৰি ৷
এই এমএলএম কৌশলে উদ্ভাৱনাৰ অন্তত সুযোগৰ মাপদণ্ড নিৰূপণ কৰিবলৈ জোৰ দিয়ে ৷ জয়পুৰ ফুট হৈছে এক থলুৱা উদ্ভাৱন যিয়ে সীমিত বিত্তীয় সম্পদ খটুৱাই অধিক উপযোগিতাৰ সন্ধান কৰে ৷ দক্ষ শিল্পী ৰামচন্দ্ৰই প্ৰথম জয়পুৰ ফুট নিৰ্মাণ কৰাৰ স্বপ্ন দেখিছিল ৷ পাছৰ সময়ত তিনিজন চিকিৎসকে উদ্ভাৱন প্ৰক্ৰিয়াত অংশ লৈছিল আৰু এনেদৰেই 1968 চনত তেওঁলোকে বিশ্বৰ আগত প্ৰথমখন জয়পুৰ ফুট প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল ৷ জয়পুৰ ফুটৰ কুশলী সবাতোকৈ উন্নত কাৰিকৰসকলৰ সৰহসংখ্যকেই থলুৱা শিল্পী ৷ 1968 চনত এই জয়পুৰ ফুটৰ মূল্য আছিল 250 টকা আৰু বৰ্তমান 44 টা বছৰৰ পাছত ইয়াৰ মূল্য 4100 টকা ৷ ডঃ মেহতাই লগতে কয়," পশ্চিমীয়া দেশবোৰত এনেধৰণৰ তুলনামূলক কৃত্ৰিম অংগসমূহ বিভিন্ন প্ৰযুক্তি খটাই তৈয়াৰ কৰা হয় যাৰ বজাৰ মূল্য 10000 ডলাৰ বা তাতোধিক ৷ কিন্তু তেনেস্থলত জয়পুৰ ফুটৰ মূল্য ডলাৰ হিচাপত 6 ডলাৰ ৷
যিসময়ত দেশৰ বিদেশ মন্ত্ৰালয়ে গান্ধীজীৰ 150 সংখ্যক জন্মজয়ন্তী উদযাপন কৰাৰ সকলো প্ৰস্তুতি সম্পন্ন কৰি তুলিছে আৰু এইক্ষেত্ৰত মন্ত্ৰালয়ে জয়পুৰ ফুটক সমগ্ৰ দেশতেই "ভাৰত মানৱতাৰ লগত" এই শীৰ্ষক বাণী বিলাবলৈ মুখ্য আহিলা হিচাবে প্ৰক্ষেপ কৰিছে ৷
এই প্ৰক্ষেপণৰ জৰিয়তে গান্ধীজীৰ মহানুভৱতা,দয়া আৰু মানৱতালৈ তেখেতৰ অৱদানক প্ৰতিনিধিত্ব কৰাৰ উদ্দেশ্যে বিশ্বৰ বিভিন্ন দেশৰ কোণত সিচঁৰিত কৃত্ৰিম ভৰি সংৰোপণৰ কেন্দ্ৰসমূহক চৰ্চাৰ মূলধাৰ হিচাবে দেখুওৱা হৈছে ৷ যাৰ বাবে বিদেশ মন্ত্ৰালয়ে বি এম ভি এছ এছ ক সহযোগী সংস্থাৰূপে স্বীকৃতি প্ৰদান কৰিছে ৷
যোৱা বৰ্ষৰ ইয়াৰ উদ্বোধনত স্বৰ্গীয় বিদেশ মন্ত্ৰী সুষমা স্বৰাজে কৈছিল, "ভাৰতক মানৱতাৰ পক্ষত অৰ্পণ কৰি আমি এই অবিস্মৰণীয় পদক্ষেপ গ্ৰহণ কৰিছো ৷ এই পদক্ষেপে সহস্ৰজনৰ জীৱনক এটা বছৰৰ ভিতৰত স্পৰ্শ কৰিব যিয়েই চলা-ফিৰাৰ কোনো সহযোগৰ বাঞ্ছা কৰে ৷ এই পদক্ষেপৰ বৃহৎত্তৰ লক্ষ্য এইয়ে যে দিব্যাংগসকলক শাৰীৰিক,আৰ্থিক আৰু সামাজিক সংস্থাপন প্ৰদান কৰা যাৰ যোগেদি তেখেতসকলে তেওঁলোকৰ চলনা আৰু আত্ম-মৰ্যাদা লাভ কৰে যাৰ যোগেদি তেওঁলোকে সমাজৰ একোজন উৎপাদনমুখী সদস্য হ'ব পাৰে ৷"
ভাৰতত জয়পুৰ ফুটৰ আৰ্হি 600 খন জিলাত উপলব্ধ হৈছে তাৰোপৰি লগতে এছিয়া,আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ 33 খন দেশত জয়পুৰ ফুট এতিয়া ভাৰতৰ মহানুভৱতাৰ প্ৰতীক হিচাপে চিহ্নিত হৈ পৰিছে ৷ গতিকে এনেস্থলত পণ্ডিত নেহৰুৰ সেই তুলনাবিহীন বক্তব্যটো মনলৈ আহে, যেতিয়া তেওঁ কৈছিল, "নিয়তিৰ সৈতে পৰীক্ষণ আৰু নিয়তি" যিয়েই গান্ধীবাদক ব্যাখ্যা কৰে যিয়েই দুৰ্গত সকলৰ বৈ থকা চকুলো টুকি দিয়ে ৷ ঠিক তেনেদৰে যেতিয়া ব্যক্তিক খোজ কাঢ়িব পৰা কৰি তোলা হয় তেতিয়া সেইজনৰ দুখবোৰ অন্তৰ্ধান হৈ পৰে আৰু সেইজন এজন হাঁহিমুখৰ এখন নৱ চেহেৰা হৈ উদ্ভাসিত হৈ পৰে ৷ ডঃ মেহতাই লগতে মন্তব্য কৰে যে এই জয়পুৰ ফুট গান্ধীবাদী ব্যৱহাৰিক আদৰ্শৰ ফলশ্ৰুতি ৷