ETV Bharat / bharat

ইৰাণত আবদ্ধ ব্যক্তিক ভাৰতলৈ ঘূৰাই আনিবলৈ বিদেশ মন্ত্ৰীলৈ পত্ৰ

author img

By

Published : Jun 29, 2020, 7:47 AM IST

দ্ৰুত গতিত বৃদ্ধি পোৱা মহামাৰী কৰ'ণা ভাইৰাছৰ সময়তে কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ আৰু চিপিআইৰ নেতা বিনয় বিশ্বমে ইৰাণত আবদ্ধ হৈ থকা ২৬ গৰাকী লোকক বন্দে ভাৰৰত মিছনৰ জৰিয়তে পুনৰ ভাৰতলৈ ঘূৰাই আনিবলৈ বিদেশ মন্ত্ৰী এছ জয়শংকৰলৈ পৃথকে পৃথকে পত্ৰ লিখি অনুৰোধ জনাই ।

ইৰাণ
ইৰাণত আৱদ্ধ ২৬ গৰাকী ব্যক্তিক ভাৰতলৈ ঘূৰাই আনিবলৈ বিদেশ মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ শশী থাৰুৰ আৰু বিনয় বিশ্বমৰ

নিউজ ডেস্ক, ২৯ জুনঃ কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ আৰু চিপিআইৰ নেতা বিনয় বিশ্বমৰ পত্ৰ প্ৰেৰণ বিদেশ মন্ত্ৰী এছ জয়শংকৰলৈ । ইৰাণত আবদ্ধ ২৬ গৰাকী ভাৰতীয়ক বন্দে ভাৰত মিছনত অন্তৰ্ভুক্ত কৰি ভাৰতলৈ ঘূৰাই আনিবলৈ অনুৰোধ জনাই দুয়োগৰাকী নেতাই পৃথকে বিদেশ মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে বুলি জানিবলৈ দিয়ে ।

মহামাৰী COVID-19ৰ বাবেই বিগত দুমাহ ধৰি কেৰালা আৰু তামিলনাডুৰ এই ব্যক্তিসকল ইৰানত আবদ্ধ হৈ আছিল বুলি সদৰি কৰে । আনহাতে, বিদেশ মন্ত্ৰী জয়শংকৰলৈ পৃথককৈ লিখা নেতা দুগৰাকীৰ পত্ৰ দুখনত ইৰানত আৱদ্ধ ২৬ গৰাকী ব্যক্তিৰ সন্দৰ্ভত উল্লেখ কৰে যে, বিগত দুই মাহৰ পৰা মহামাৰী COVID-19ৰ আৰু তাৰ প্ৰতিৰোধৰ বাবে ভ্ৰমণত নিষেধাজ্ঞা জাৰি কৰাৰ ফলতেই ২৬ গৰাকীকৈ লোক ইৰানত আবদ্ধ হৈ পৰে । এই ভাৰতীয় নাগৰিক কেইগৰাকী কামৰ সন্ধানতেই ইৰাণৰলৈ গৈছিল । কিন্তু কৰ'ণা প্ৰতিৰোধৰ বাবে হোৱ লক ডাউনৰ ফলতেই আৱদ্ধ হৈ পৰে ইৰাণত । আবদ্ধ হৈ থকা কেইজনে জীয়াই থাকিবলৈ বিগত দুমাহে সংঘৰ্ষ কৰিবলীয়া হয় । কিন্তু ইৰাণৰ সেই অজ্ঞাত ব্যক্তিসকৰ দয়াৰ বাবেই আবদ্ধ ব্যক্তিকেইজন সুৰক্ষিত হৈ আছে বুলি পত্ৰত উল্লেখ কৰে চিপিআইৰ নেতা বিনয় বিশ্বমে ।

আনহাতে,শশী থাৰুৰে পত্ৰত উল্লেখ কৰে যে, ইৰাণত আবদ্ধ হোৱা ব্যক্তিসকলক তেওঁলোকলৰ নিজৰ প্ৰচেষ্টাৰে পুনৰ নিজ দেশলৈ ঘূৰি আহিব বুলি আশা কৰাতো ভূৱ হ'ব । ভাৰতীয় সমুদায় কল্যাণ ফাউণ্ডৰ ব্যৱহাৰ কৰি তেওঁলোকক ভাৰতলৈ ঘূৰাই আনিবলৈ সহায় কৰিব লাগে । মই নিজ কাৰ্যালয়ৰ শক্তি প্ৰয়োদ কৰি ইৰাণত আবদ্ধ ভাৰতীয় নাগৰিকক সুৰক্ষিতভাৱে ঘূৰাই আনিবলৈ অনুৰোধ জনালো । লগতে আমাৰ নাগৰিক সকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ভাৰতীয় বাণিজ্য দূতাৱাসক অনুৰোধ জনাইছো । সমগ্ৰ বিশ্বতে দেখা দিয়া এই সংকটৰ সময়ত আমাৰ চৰকাৰে এই সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰিব বুলিও আশাবাদী । উল্লেখ্য যে, ৭ মে' ৰ পৰা আৰম্ভ হোৱা বন্দে ভাৰত মিছন তৃতীয় পৰ্যায় পাইছেগৈ । এই মিছনৰ জৰিয়তে ইতিমধ্যে ২৫ জুনত ৩,৬৪,২০৯ গৰাকী লোকক ভাৰতলৈ ঘূৰাই অনা হয় বুলি সদৰি কৰে বিদেশ মন্ত্ৰণালয়ে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.