ETV Bharat / bharat

জম্বু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ আহত সুৰক্ষা বাহিনীৰ এগৰাকী জোৱান

author img

By

Published : Aug 12, 2020, 8:30 PM IST

জম্বু-কাশ্মীৰৰ বাৰামুলাৰ হয়াগাম অঞ্চলত ভাৰতীয় সুৰক্ষা বাহিনীৰ ওপৰত নাকা দলৰ আক্ৰমণ ৷ উক্ত আক্ৰমণত ভাৰতীয় সুৰক্ষা বাহিনীৰ এজন জোৱান আহত ৷

Terrorists attack patrol in J&K's Baramulla; One CRPF jawan injured
জম্বু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ আহত সুৰক্ষা বাহিনীৰ এগৰাকী জোৱান

নিউজ ডেস্ক, 12 আগষ্ট : দেশত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে বুধবাৰে জম্বু-কাশ্মীৰৰ বাৰামুলাৰ হয়াগাম অঞ্চলত ভাৰতীয় সুৰক্ষা বাহিনীৰ তহলদাৰী দলৰ ওপৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাই ৷ উক্ত আক্ৰমণত ভাৰতীয় সুৰক্ষা বাহিনীৰ এজন জোৱান আহত হোৱাৰ খবৰ পোৱা গৈছে ৷ আক্ৰমণৰ পিচতে উক্ত অঞ্চলক ছীল কৰি দিয়া হৈছে আৰু আক্ৰমণকাৰীক বিচাৰি তদন্ত আৰম্ভ কৰা হৈছে ৷

ইয়াৰ উপৰিও জম্বু-কাশ্মীৰৰ পুলৱামা জিলাত সন্দেহজনক আতংকবাদীৰ আক্ৰমণত এজন ভাৰতীয় সৈনিক নিহত হোৱাৰ তথ্য পোৱা গৈছে ৷ লগতে, উক্ত আক্ৰমণত ভাৰতীয় সেনাৰ এজন জোৱান গুৰুতৰভাবে আহত হোৱা বুলি জানিব পৰা গৈছে ৷ ইটিভি ভাৰতক এগৰাকী বিষয়াই জনোৱা অনুসৰি, জুলজীত যাদৱ নামৰ বিষয়া গৰাকীৰ বুকুত গুলী লগাৰ ফলত তেওঁক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

আনহাতে, উক্ত আক্ৰমণত এজন সন্ত্ৰাসবাদী নিহত হোৱা বুলিও জানিব পৰা গৈছে ৷ লগতে, উক্ত অঞ্চলৰ পৰা ৰাইফল আৰু গুলী উদ্ধাৰ কৰা হৈছে বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : ক’ভিড-19 ৰ ক্ৰুটিপূৰ্ণ ব্যৱস্থাপনাৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ প্ৰাক্তন আমোলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.