নেশ্যনেল ডেস্ক, 7অক্টোবৰ: জম্মু-কাশ্মীৰৰ গাণ্ডেৰবল জিলাৰ নুনাৰত বিজেপি নেতাৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ। গাণ্ডেৰবল জিলা বিজেপিৰ উপাধ্যক্ষ গোলাম কাদিৰ ৰাথোৰলৈ লক্ষ্য কৰি গুলীচালনা কৰে। সন্ত্ৰাসবাদীৰ আক্ৰমণৰ প্ৰত্যুত্তৰত সুৰক্ষা বলৰ জোৱানে কৰা গুলীচালনাত নিহত হয় সন্ত্ৰাসবাদীটো। সংঘৰ্ষত গোলাম কাদিৰৰ সুৰক্ষাৰ দায়িত্বত থকা ব্যক্তিগত সুৰক্ষা বিষয়া মহম্মদ আলতাফ গুলিবিদ্ধ হয়। সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মঙলবাৰে সন্ধিয়া মৃত্যুৰে হাৰ মানে বিষয়াগৰাকীয়ে। আনহাতে, এই আক্ৰমণৰ পৰা ৰক্ষা পৰে বিজেপি নেতা গোলাম কাদিৰ ৰাথোৰ। গাণ্ডেৰবলৰ আৰক্ষী অধীক্ষক খলীল প'ছৱালে এই কথা প্ৰকাশ কৰিছে।
লগতে পঢ়ক: শ্বহীদ চেম ষ্টেফৰ্ডৰ মাতৃক বিনামূলীয়া চিকিৎসা হেল্থ চিটি হাস্পতালৰ