শ্ৰীনগৰ,3 জুন: জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত দুই সন্ত্ৰাসবাদী ৷ সোমবাৰে পুৱতিনিশা চোপিয়ান জিলাৰ মোলু-চিত্ৰগ্ৰাম অঞ্চলত চলোৱা এক তালাচী অভিযানত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘটিত হয় এই সংঘৰ্ষৰ ৷ মৃত সন্ত্ৰাসবাদী দুটা কুলগামৰ ফিৰদৌস আহমেদ ভাট আৰু সাজাদ আহমেদ বুলি জানিব দিয়ে জন্মু-কাশ্মীৰ আৰক্ষীয়ে ৷ দুজনৰ মৃত্যু হোৱাৰ লগতে পলায়ন কৰে এক সন্ত্ৰাসবাদী ৷
উল্লেখ্য যে, গোপন সূত্ৰৰ পম খেদি চোপিয়ান জিলাৰ মোলু-চিত্ৰগ্ৰাম সেনাই পুৱতিনিশা এক তালাচী অভিযান চলায় ৷ তেনে সময়তে নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰে ৷ প্ৰত্যু্ত্তৰত নিৰাপত্তাৰক্ষীয়ে গুলী চলোৱাত দুয়ো পক্ষৰ মাজত সৃষ্টি হয় সংঘৰ্ষৰ ৷ মৃত সন্ত্ৰাসবাদীৰ পৰা বহু পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰে সেনাই ৷ বৰ্তমানেও তালাচী অভিযান অব্যাহত আছে ৷