ETV Bharat / bharat

সন্ত্ৰাসবাদ হৈছে পাকিস্তানৰ শীতল যুদ্ধৰ ৰণনীতি !

পাকিস্তানে সম্প্ৰতি Financial Action Task Force (FATF) দ্বাৰা কঠোৰ প্ৰতিবন্ধৰৰ পৰা পৰিত্ৰাণ পাবলৈ শেহতীয়াকৈ দুখন তালিকা প্ৰকাশ কৰিছে ৷ য’ত 88 গৰাকী নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনৰ তথা নেতাৰ বিৱৰণ প্ৰদান কৰা হৈছে ৷

author img

By

Published : Aug 27, 2020, 10:22 PM IST

Terrorism is Pakistan's Cold War strategy

নিউজ ডেস্ক, 27 আগষ্ট : বাস্তৱত ভাৰতক নিৰাপত্তাহীনতাৰ দেশলৈ পৰিণত কৰাত আকাংক্ষী ইছলামাবাদ, যিয়ে দশক ধৰি আশ্ৰয় দি আহিছে সন্ত্ৰাসবাদী সকলক ৷ এইয়া সুপৰিচিত যে পাকিস্তানে সম্প্ৰতি Financial Action Task Force (FATF) দ্বাৰা কঠোৰ প্ৰতিবন্ধৰৰ পৰা পৰিত্ৰাণ পাবলৈ শেহতীয়াকৈ দুটি তালিকা প্ৰকাশ কৰিছে ৷ য’ত 88 গৰাকী নিষিদ্ধ সন্ত্ৰাস সংগঠনৰ তথা নেতাৰ বিৱৰণ প্ৰদান কৰা হৈছে ৷

এই তালিকাত 1993 চনৰ বোম্বাই বোমা বিস্ফোৰণৰ কাণ্ডৰ মূল পৰিকল্পনাকাৰী ডাউদ ইব্ৰাহিমৰ নামো অন্তৰ্ভুক্ত আছে ৷ হাফিজ ছৈয়দ আৰু মছুদ অজৰৰ দৰে ডাউদ আৰু অন্য ঘাতক সন্ত্ৰাসবাদীৰ সম্পত্তি জব্দ কৰা লগতে বেংক খাতা সমূহো বাজেয়প্ত কৰা বুলি ঘোষণা কৰাৰ কিছু দিনৰ ভিতৰতেই প্ৰত্যাহাৰ কৰি কয় যে, এইয়া এক ৰুটিন বক্তব্য আছিল আৰু কেতিয়াও আশ্ৰয় দিয়া হোৱা নাই সন্ত্ৰাসবাদীক ৷

ইমৰান চৰকাৰৰ ফ্লিপ-ফ্লপ আচৰণৰ তুলনা হৈছে মেকুৰীৰ দৰে যিয়ে চকু বন্ধ কৰি দুগ্ধপান কৰি ভাৱে যে, বিশ্বই পৰ্যবেক্ষণ কৰা নাই ৷ আনহাতে যেতিয়াই সন্ত্ৰাসবাদৰ সংৰক্ষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হয় তেতিয়াই পাকিস্তানে আইন প্ৰণয়ন কৰে আৰু কিছু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি নাটক আৰম্ভ কৰে ৷

অৱশ্যে জামাত-উদ-দাৱা, লস্কৰ-ই-তৈবা, জেইছ-ই-মহম্মদ, হাক্কানী নেটৱৰ্ক আৰু তালিৱানৰ নেতৃত্বকাৰী সন্ত্ৰাসবাদীৰ বাবে সুৰক্ষিত আশ্ৰয়স্থল যদিও পাকিস্তানৰ নিষ্পাপ (বিশুদ্ধ আৰু ধাৰ্মিক ভূমি) বুলি বিশ্বক ঠগিবলৈ যথোপযুক্ত ব্যৰ্থ চেষ্টা কৰিছে ৷ কিন্তু বাস্তৱত সন্ত্ৰাসবাদীপন্থী ভাৰতৰ বিৰুদ্ধে সংঘাত পোষণ কৰে আৰু উপমহাদেশৰ বাবে হৈছে ই এক ডাঙৰ বিপদ ৷

ইপিনে পাকিস্তানে বাধ্য হৈ নিজৰ বিৰুদ্ধে কথা কোৱাৰ মূল কাৰণটো হ’ল Financial Action Task Force ৰ ভয় ৷ কাৰণ সন্ত্ৰাসবাদীৰ আৰ্থিক বিষয়টো 2001 চনত পেৰিছ G7 শীৰ্ষক সন্মিলনত ‘‘মানি লণ্ডেৰিং’’ নিয়ন্ত্ৰণৰ বাবে এটি বিশেষ টাস্ক ফ’ৰ্ছৰ অধীন আছিল ৷ পাকিস্তান যি এক দশক ধৰি ‘গ্ৰে’ সূচীত অন্তৰ্ভুক্ত আছে যি প্ৰথমৰ পৰাই আৰু বৰ্তমানে টুইষ্ট টাৰ্ণৰ চেষ্টা কৰি আছে ৷

এবছৰ পূৰ্বে ইমৰান খানৰ চৰকাৰখনে নিজেই স্বীকাৰ কৰিছিল যে, তেওঁলোকৰ ভূমিত 30-40 হাজাৰ সন্ত্ৰাসবাদী আছিল ৷ আনহাতে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হাফিজ ছৈয়দক ‘‘ছৈয়দ ছাৰ’’ বুলিও সম্বোধন কৰিছিল অত্যন্ত নম্ৰতা প্ৰদৰ্শন কৰিছিল প্ৰধানমন্ত্ৰী ইমৰান খানে ৷ পৰৱৰ্তীকালত কৈছিল পাকিস্তানত জাতি সংঘৰ তালিকাভুক্ত বিদ্ৰোহী গোষ্ঠীক কৰায়ক্ত কৰা কঠিন আছিল ৷

পাকিস্তানে বছৰ-বছৰ ধৰি ভাৰতৰ সীমান্তত ড্ৰ’ণৰ জৰিয়তে বিস্ফোৰক প্ৰক্ষেপণ কৰি ভাৰতলৈ প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে ৷ ভাৰতৰ স্বাধীনতা দিৱসৰ দিনাও কূটাঘাতমূলক ঘটনা সংঘটিত কৰাৰ পৰিকল্পনাৰ ষড়যন্ত্ৰৰ কথা পোহৰলৈ আহিছিল আৰু এক ভয়ংকৰ কূটাঘাতমূলক ঘটনাৰ পৰা ৰক্ষা পৰিছিল ভাৰত ৷

চীন, তুৰ্কী, মালয়েছিয়াৰ সমৰ্থনত পাকিস্তান Financial Action Task Force ৰ তদন্তৰ প্ৰক্ৰিয়াৰ পৰা ৰক্ষা পাবলৈ সমৰ্থ হৈছে ৷ কিন্তু পাকিস্তানৰ প্ৰকৃত স্বৰূপ বাৰে-বাৰে বিশ্বৰ সন্মুখত উন্মোচিত হৈ আহিছে ৷

এতিয়া এইটো লক্ষ্যণীয় হ’ব যে, টাস্ক ফ’ৰ্ছে ইছলামাবাদৰ বিৰুদ্ধে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব কাৰণ পাকিস্তান যথেষ্ট আত্মবিশ্বাসী যে, যেতিয়া লৈ চীনৰ সমৰ্থন লাভ কৰি থাকিব তেতিয়ালৈ তেওঁলোকৰ কোনো ক্ষতিসাধন নহয় ৷

ভাৰতে তিনি সপ্তাহৰ পূৰ্বে সুৰক্ষা কাউন্সিলত স্পষ্ট কৰিছিল যে, পাকিস্তানৰ পৃষ্ঠপোষক বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে এটি যৌথ সুৰক্ষিত কৌশলৰে মানৱতাক বিপৰ্যয়ৰ পৰা ৰক্ষা কৰাৰ কথা ৷ এইয়া কেৱল আন্তঃৰাষ্ট্ৰীয় প্ৰক্ৰিয়া যি শক্তিশালী ভাৱে সন্ত্ৰাসবাদীৰ শক্তি-কাৰ্যকলাপৰ তদন্ত কৰিব আৰু পাকিস্তানৰ ৰাজনৈতিক যুদ্ধাভ্যাস আৰু ভূমিত সন্ত্ৰাসবাদী সমূহক সমৰ্থন দিয়াৰ উচিত শিক্ষা প্ৰদান কৰিব ৷

লগতে চাওক-ৰূপালী জয়ন্তী বৰ্ষ গৰকিলে ইটিভিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.