নিউজ ডেস্ক, 3 জানুৱাৰী : কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা শূণ্য সহনশীল নীতি স্বত্বেও সন্ত্ৰাসবাদে দেশৰ 161 খন জিলাক ক্ষতিগ্ৰস্ত কৰিছে ৷ বিশেষকৈ মাওবাদৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে ঝাৰখণ্ড, বিহাৰ, মহাৰাষ্ট্ৰ, সন্ত্ৰাসবাদৰ দ্বাৰা জম্মু-কাশ্মীৰ আৰু বিদ্ৰোহী সমস্যাৰ দ্বাৰা অসম আৰু অন্যান্য উত্ত-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহ ৷
আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰোৱে শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক জমা দিয়া প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ৷ ব্যুৰোৱে জমা দিয়া প্ৰতিবেদন 2019ৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে ৷ অৱশ্যে এইক্ষেত্ৰত 2018ৰ 174 খন জিলাৰ তুলনাত 2019ত এই সংখ্য়া কিছু কম হৈছে ৷ ইয়াৰ পিচতেই 2021ৰ ভিতৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সংখ্যা অধিক কম কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৷
বাৰ্ষিক প্ৰতিবেদনৰ পিচতেই কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ তত্বাৱধানত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ মহানিৰ্দেশকসকলক এই সংখ্য়া কমাই আনিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ 2020ৰ ডিচেম্বৰৰ আৰম্ভনিতে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি ঘোষণা কৰিছিল ৷ ভাৰতক এখন উন্নত আৰু সুৰক্ষিত দেশ বনাবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সংশ্লিষ্ট সকলো বাহিনীৰ লগতে ৰাজ্যসমূহক সন্ত্ৰাসবাদমুলক কাৰ্যকলাপ দমন কৰিবলৈ এই নীতি গ্ৰহণ কৰিবলৈ কৈছিল ৷
ব্যুৰোৰ শেহতীয়া প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ঝাৰখণ্ডত 22খন, বিহাৰত 17খন, অসম আৰু মণিপুৰত 16খনকৈ, উৰিষ্য়া আৰু জম্মু-কাশ্মীৰত 15খনকৈ, ছত্তিশগড়ত 14খন, নাগালেণ্ডত 11খন, তেলেংগানাত 8খন, অন্ধ্ৰ প্ৰদেশত 6খন, পশ্চিম বংগ আৰু কেৰালাত 5খনকৈ, অৰুণাচল প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশত 3খনকৈ আৰু মধ্য প্ৰদেশত 2খন জিলা সন্ত্ৰাসবাদ-মাওবাদমুলক কাৰ্যকলাপৰ দ্বাৰা ক্ষতিগ্ৰস্ত বুলি কোৱা হৈছে ৷ এই আটাইকেইখনে আৰক্ষী জিলা ৷ 2010ৰ পৰা 2019ৰ ভিতৰত এই সংখ্য়াৰ ধাৰাটো কিছু অসামঞ্জস্যতাৰে পৰিপূৰ্ণ হৈ আছে ৷ কিয়নো 2010-14ৰ ভিতৰত সংখ্যা কম হৈছিল, 2015-17ত বৃদ্ধি হোৱাৰ লগতে 2019ৰ ভিতৰত আকৌ কম হৈছে ৷
2011ত 188খন আৰক্ষী জিলা সন্ত্ৰাসবাদমুলক কাৰ্যৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছিল, 2012ত 176খন, 2013ত 173খন আৰু 2014ত 170খন জিলা ক্ষতিগ্ৰস্ত হৈছিল ৷ 2015ত 172খন জিলা ক্ষতিগ্ৰস্ত হোৱাৰ লগতে 2016ত 181খন, 2017ত 188খন জিলা সন্ত্ৰাসবাদমুলক কাৰ্যকলাপৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছিল ৷
লগতে পঢ়ক : বছৰৰ আৰম্ভনিতে স্থলসেনাৰ শীৰ্ষ-পৰ্যায়ত ব্যাপক ৰদ-বদল