ETV Bharat / bharat

সন্ত্ৰাসবাদীক ধন যোগানৰ ঘটনা: শ্ৰীনগৰ, দিল্লীত NIAৰ অভিযান অব্যাহত

দ্বিতীয় দিনাৰ বাবে বৃহস্পতিবাৰে শ্ৰীনগৰ আৰু দিল্লীৰ ৯টা স্থানত অভিযান চলালে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই । সন্ত্ৰাসবাদীক ধন যোগান ধৰা বাবে দেশ-বিদেশৰ পৰা স্বেচ্ছাসেৱী সংস্থা আৰু তথাকথিত ট্ৰাষ্টে ধন সংগ্ৰহ কৰা ঘটনাৰ ৰহস্য ভেদ কৰিবলৈ অভিযান । ইয়াৰ পূৰ্বে বুধবাৰে শ্ৰীনগৰ আৰু বান্দীপ'ৰাৰ ১০টাকৈ স্থান আৰু বাংগালুৰুতো চলাইছিল অভিযান ।

author img

By

Published : Oct 29, 2020, 10:59 AM IST

সন্ত্ৰাসবাদীক ধন যোগানৰ ঘটনা: শ্ৰীনগৰ, দিল্লীত NIAৰ অভিযান অব্যাহত
সন্ত্ৰাসবাদীক ধন যোগানৰ ঘটনা: শ্ৰীনগৰ, দিল্লীত NIAৰ অভিযান অব্যাহত

নেশ্যনেল ডেস্ক, ২৯ অক্টোবৰ:

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই বৃহস্পতিবাৰে পুনৰ শ্ৰীনগৰ আৰু দিল্লীৰ ৯টা স্থানত অভিযান চলায়। স্বেচ্ছাসেৱী সংস্থা আৰু একাংশ তথাকথিত ট্ৰাষ্টৰ দ্বাৰা জম্মু-কাশ্মীৰত সংঘটিত হোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ধন যোগান ধৰা ঘটনাৰ তদন্ত অব্যাহত থকাৰ সময়তে বুধবাৰৰ পৰা শ্ৰীনগৰ আৰু দিল্লীত অভিযান আৰম্ভ কৰিছে অনুসন্ধানকাৰী সংস্থাটোয়ে ।

ফালাহ-এ ট্ৰাষ্ট, দিল্লীৰ চেৰিটি এলায়েন্স, হিউমেন ৱেলফেয়াৰ ফাউণ্ডেছন, জে কে য়াতীম ফাউণ্ডেছন, ছেলভেছন ফাউণ্ডেছন আৰু জে কে ভইচ অৱ ভিক্তিমৰ কাৰ্যালয়ত তালাচী চলাইছে। অভিযানৰ সময়ত বহু নকল নথি-পত্ৰ আৰু বৈদ্যুতিক উপকৰণ জব্দ কৰা হৈছে বুলি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই।

IPC আৰু UAPAৰ কেইবাটাও ধাৰাৰ অধীনত অধিক তথ্য সংগ্ৰহৰ বাবে যোৱা ৮ অক্টোবৰত গোচৰ ৰুজু কৰা হৈছিল। তথাকথিত দানৰ নামত দেশ-বিদেশৰ পৰা এই স্বেচ্ছাসেৱী সংস্থা আৰু তথাকথিত ট্ৰাষ্টবোৰে মোটা অংকৰ ধন সংগ্ৰহ কৰি বিচিছিন্নতাবাদী কাৰ্যকলাপৰ বাবে যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে।

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই যোৱা ৮ অক্টোবৰত IPCৰ ১২০(B), ১২৪(A) আৰু ১৭,১৮,২২(A),২২(C), ৩৮,৩৯, ৪০ UA(p)A, ১৯৬৭ৰ অধীনত অধিক তথ্য সংগ্ৰহৰ বাবে গোচৰ ৰুজু কৰে। জম্মু-কাশ্মীৰৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে যে, 'ইয়াৰ পূৰ্বে বুধবাৰে শ্ৰীনগৰ আৰু বান্দীপ'ৰাৰ ১০টা স্থানত বাংগালুৰুৰ এটা স্থানতো অভিযান চলাইছিল ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই। জম্মু-কাশ্মীৰত সন্ত্ৰাস বিয়পোৱা কাৰ্যত ব্যৱহাৰ কৰিবলৈ এই ধনৰাশি স্বেচ্ছাসেৱী সংস্থা আৰু একাংশ তথাকথিত ট্ৰাষ্টে যোগান ধৰাৰ সন্দেহ কৰা হৈছে।'

লগতে পঢ়ক:অভিনন্দনক মুকলি নকৰিলে পাকিস্তান আক্ৰমণ কৰিলেহেতেন ভাৰতে : পাক মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.