নিউজ ডেস্ক, 1 ছেপ্তেম্বৰঃ দেওবাৰে তেলেংগানাৰ ৰাজ্যপালৰ দায়িত্বভাৰ গ্ৰহণ কৰে ডাঃ তামিলিছাই সুন্দৰাৰাজনে ৷ কংগ্ৰেছ ৰাজনৈতিক নেতাৰ ঘৰত জন্মগ্ৰহণ কৰা ডাঃ তামিলিছাই সুন্দৰাৰাজনৰ জীৱন দৰ্শন খুবেই প্ৰেৰণাদায়ক ৷ 1961 চনৰ 2 জুনত তামিলনাডুত জন্মগ্ৰহণ কৰে ডাঃ তামিলিছাই সুন্দৰাৰাজনে ৷ তেওঁৰ পিতৃ কুমাৰী আনন্দন তামিলনাডুৰ এগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতা আছিল, যিয়ে কন্যাকুমাৰী সংসদীয় সমষ্টিৰ পৰা সাংসদ হোৱাৰ লগতে পাঁচবাৰকৈ বিধায়ক নিৰ্বাচিত হৈছিল ৷ ইয়াৰ উপৰিও তামিলনাডু প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ আসনো শুৱনি কৰিছিল ডাঃ তামিলিছাই সুন্দৰাৰাজনৰ পিতৃ কুমাৰী আনন্দনে ৷
এনেকুৱা এটা পৰিৱেশত ডাঙৰ দীঘল হোৱা ডাঃ তামিলিছাই সুন্দৰাৰাজনে নিজৰ জীৱনত ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বিজেপিত যোগদান কৰে ৷ মাদ্ৰাছ মেডিকেল কলেজৰ লগতে লণ্ডন, কানাডা আৰু অষ্ট্ৰেলিয়াত চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰা ডাঃ তামিলিছাই সুন্দৰাৰাজনে 2003চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল ৷ বিজেপিত যোগদান কৰি কেবাটাও গুৰুত্বপূৰ্ণ পদবীত নিজৰ দায়িত্ব পালন কৰিছিল ডাঃ তামিলিছাই সুন্দৰাৰাজনে ৷
উল্লেখ্য যে, নিজৰ ৰাজনৈতিক কেৰিয়াৰত 2006, 2011 আৰু 2016 চনৰ বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল ডাঃ তামিলিছাই সুন্দৰাৰাজনে ৷ ইয়াৰ পিচতে 2009, 2014ত সংসদীয়া নিৰ্বাচনটো প্ৰতিদ্বন্দিতা কৰিছিল ডাঃ তামিলিছাই সুন্দৰাৰাজনে ৷ তেওঁ পোহৰলৈ আহিছিল চলিত বৰ্ষত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত ৷ য'ত তেওঁ ডিএমকে প্ৰধান এম কৰুনানিধিৰ কন্যা কানিমোঝীৰ বিৰুদ্ধে টুতিকোৰনি সংসদীয় সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল যদিও জয়লাভ কৰিবলৈ সক্ষম নহ'ল ৷ 2013 চনৰ পৰা 2014 চনলৈ বিজেপিৰ সৰ্বভাৰতীয় সম্পাদিকা হোৱাৰ পিচতে 2014 চনত তামিলনাডু বিজেপিৰ সভাপতিৰ আসন শুৱনি কৰিছিল ৷ সমাজসেৱাৰ সৈতে বিশেষ দুৰ্বলতা থকা ডাঃ তামিলিছাইয়ে দেশৰ লগতে বিদেশটো বিনামুলীয়া স্বাস্থ্য শিৱিৰ পাতি দুৰ্গতজনক সহায় কৰিছিল ৷
ডাঃ তামিলিছাইৰ পতি, ডাঃ পি সুন্দৰাৰাজনো এগৰাকী প্ৰখ্যাত চিকিৎসক হোৱাৰ বিপৰীতে তেওঁলোকৰ দুই পুত্ৰ-কন্যাও একোগৰাকী দক্ষ চিকিৎসক ৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ডাঃ তামিলিছাইক তেলেংগানাৰ ৰাজ্যপাল নিযুক্ত কৰে ৷ ডাঃ তামিলিছাইৰ ৰাজনৈতিক জীৱন আৰু তেওঁৰ কৰ্মদক্ষতাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে তেলেংগানাৰ ৰাজ্যপাল নিযুক্ত দিয়ে ৷ ইএছএল নৰসিমহান ঠাইত তেলেংগানাৰ ৰাজ্যপাল হিচাপে নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰে ডাঃ তামিলিছাইয়ে ৷