নিউজ ডেস্ক,৮আগষ্ট: বৃহস্পতিবাৰে উত্তৰ গোশালমহলৰ দাৰুচালাম নামৰ এটা অঞ্চলত থকা আগৰৱালা ফাৰ্মাচীত টাস্ক ফ’ৰ্চৰ এটা দলে অভিযান চলায় জয়ন্ত আগৰৱালা নামৰ এজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় ।
এজন লোকে নাবালক আৰু একাংশ উশৃংখল যুৱ প্ৰজন্মক অবৈধভাৱে কাহৰ দৰৱ বিক্ৰী কৰাৰ অভিযোগৰ ভিত্তিত টাস্ক ফ’ৰ্চ কমিচনৰ হায়দৰাবাদ মধ্য মণ্ডল আৰু ড্ৰাগ ইঞ্চপেক্টৰৰ নেতৃত্বত যোৱা এটা দলে চলাইছিল অভিযান ।
এক বিশেষ সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত গোশালমহলৰ দাৰুচালাম নামৰ এটা অঞ্চলত থকা আগৰৱালা ফাৰ্মাচী নামৰ ঔষধৰ দোকানখনত অভিযান চলায় অভিযানকাৰী দলটোৱে জয়ন্ত আগৰৱালা নামৰ অভিযুক্ত লোকজনক আটক কৰে ।
চিকিৎসকৰ কোনো প্ৰেছক্ৰিপচন নোহোৱাকৈয়ে বহুদিনৰ পৰা নাবালক আৰু এচাম উশৃংখল যুৱ প্ৰজন্মক অধিক দৰত ঔষধ বিক্ৰি কৰি আহিছিল জয়ন্ত আগৰৱালাই । আৰক্ষীয়ে ফাৰ্মাচীখনৰ পৰা ৯০ বটল CODIMAXX Caugh syrup আৰু ৬৪ বটল U-Lintusৰ কাহৰ ঔষধ জব্দ কৰিছে ।
এই দৰৱ সমূহ সাধাৰণতে কাঁহৰ ঔষধ হিচাবে ব্যৱহাৰ কৰা হয় । চিকৎসকৰ বিনা পৰামৰ্শত অধিক ড্ৰাগ থকা এনে ধৰণৰ দৰৱ বিক্ৰি কৰাটো আইন মতে দণ্ডনীয় । এই দৰে ক'লে অভিযানকাৰী আৰক্ষীৰ দলৰ এগৰাকী বিষয়াই ।
আৰক্ষীয়ে বিষয়া গৰাকীয়ে ইয়াৰ কুপ্ৰভাৱৰ বিষয়ে উল্লেখ কৰি কলে, ড্ৰাগৰ পৰিমান অধিক থকাৰ ফলত এই ধৰণৰ দৰৱ সমূহ সেৱন কৰাৰ ফলত এক আসক্তিৰ সৃষ্টি হয় যাৰ কাৰণে একাংশ নাবালক আৰু উশংখল যুৱ প্ৰজন্মই এই ধৰণৰ দৰৱ সেৱন কৰে । এই সমূহ চিৰাপ সেৱনৰ ফলত দেহৰ অতিমাত্ৰা ক্ষতি হয় যি জীৱনটোৰ কাৰণে অধিক ভাবুকি স্বৰূপ । জব্দকৃত নিচাযুক্ত ঔষধখিনিৰ লগতে আটকাধীন অভিযুক্ত লোকজনক বেগম বজাৰৰ এচএইচঅ'ক অধিক তদন্তৰ বাবে গতাই দিয়ে ।
লগতে পঢ়ক : কৰ'ণাৰ লগত সহবাস কৰি আমি আগুৱাই যাব লাগিব : ডঃ প্ৰতাপ জ্যোতি সন্দিকৈ