নিউজ ডেস্ক, 2 আগষ্ট : তেলেংগনাৰ বিজেপি নেতা তথা ৰাজ্য়খনৰ বিজেপিৰ মুখপাত্ৰ কৃষ্ণ সাগৰ ৰাওয়ে এআইএমআইএম দলৰ প্ৰধান আছাদুদ্দিন ওৱেইছিক 5 আগষ্টত অযোধ্যাত হ'বলগীয়া ৰাম মন্দিৰৰ ভূমি পূজনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে ৷
ইয়াৰ উপৰিও বিজেপি নেতা কৃষ সাগৰ ৰাওয়ে পুনৰ কয় যে, 5 আগষ্টত হ'বলগীয়া ভূমি পূজনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অংশগ্ৰহণ কৰিব আৰু ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য উক্ত দিনাৰ পৰাই আৰম্ভ কৰা হ'ব ৷ লগতে, বিজেপিৰ বাবে গৌৰৱৰ বিষয় বুলিও উল্লেখ কৰি নেতা গৰাকীয়ে কয় যে, আমাৰ কাৰ্যকালত ৰাম মন্দিৰ নিৰ্মাণ হোৱাটো গৌৰৱৰ বিষয় ৷
আনহাতে, ৰাম মন্দিৰ নিৰ্মাণ কাৰ্য বিৰোধ কৰা বামপন্থী আৰু এআইএমআইএম দল প্ৰসংগত নেতা গৰাকীয়ে মন্তব্য প্ৰদান কৰি কয় যে, ভাৰতবৰ্ষৰ সংবিধানে দেশৰ প্ৰতিজন নাগৰিকক সমতা তথা ধৰ্মৰ অধিকাৰ প্ৰদান কৰিছে ৷ গতিকে, সমৰ্থন কৰা নকৰাটো সকলোৰে নিজৰ স্বাধীনতা বুলি উল্লেখ কৰে ৷
গতিকে, যিসকল ৰাজনৈতিক দল বা নেতাই ৰাম মন্দিৰৰ বিৰোধিতা কৰিছে আমি তেওঁলোক সকলোকে ভূমি পূজনলৈ নিমন্ত্ৰণ জনাইছো ৷ ইয়াৰ লগতে তেওঁ কমিউনিষ্ট দলৰ নেতাকো উক্ত অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা বুলি উল্লেখ কৰে ৷ আনহাতে, 5 আগষ্টত অযোধ্যাত হ'বলগীয়া ভূমি পূজনৰ শিলান্য়াস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰিব আৰু উক্ত অনুষ্ঠানত বহু কেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডল তথা আৰএছএছৰ বহু কেইগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থকাৰ সম্ভাৱনা আছে ৷
উল্লেখযোগ্য যে, মহামান্য উচ্চতম ন্যায়ালয়ে বিগত বৰ্ষৰ 9 নৱেম্বৰত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰিছিল ৷
লগতে পঢ়ক : COVID-19ক পৰাস্ত কৰি অসমৰ প্ৰায় 40 আৰক্ষীৰ প্লাজমা দান