নেশ্য়নেল ডেস্ক, 24 অক্টোবৰ: উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত শুকুৰবাৰে নিশা এগৰাকী 16 বছৰীয়া কিশোৰীক গুলীয়াই হত্যা কৰে তিনি যুৱকে ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি হত্যা কৰে কিশোৰীগৰাকীক ৷
![Teenager girl allegedly shot by three boys in UP's Firozabad](https://etvbharatimages.akamaized.net/etvbharat/prod-images/up-firozabad-hatya-photo-bite-7209316_24102020052603_2410f_1603497363_855.jpg)
মৃত কিশোৰীগৰাকীৰ পিতৃ অজয়ৰ মতে, নিশা তিনি যুৱকে আহি দুৱাৰত টুকুৰিয়াই, তাৰ পাছত দুৱাৰ খুলি দিয়াত যুৱক কেইজনে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি গুলীয়াই হত্যা কৰে কিশোৰীগৰাকীক ৷ সেই সময়ত কিশোৰীৰ পিতৃ আৰু ভাতৃ দুয়ো ঘৰৰ ছাঁদত আছিল ৷ কিশোৰীগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰী আছিল ৷
শুকুৰবাৰে স্কুলৰ পৰা ঘৰলৈ উভতি অহাৰ পথত তিনি যুৱক ক্ৰমে গৌৰৱ চক, সৌপলী যাদৱ আৰু মনীষ যাদৱে কিশোৰীগৰাকীক আগভেটি ধৰি অকথ্য নিৰ্যাতন চলোৱাৰ লগতে নানান ধৰনৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷
লগতে পঢ়ক: ১৯৬2 চনৰ বীৰ যোদ্ধা শ্বহীদ চুবেদাৰ যোগেন্দ্ৰ সিঙৰ প্ৰতিমূৰ্তি উন্মোচন