ETV Bharat / bharat

হায়দৰাবাদৰ এক শ্বপিংমলত কৰুণ মৃত্যুক সাৱটিলে দুৰ্ভগীয়া কিশোৰে

হায়দৰাবাদৰ এক শ্বপিংমলত সংঘটিত ঘটনাৰ ফলত মৃত্যুবৰণ কৰে এগৰাকী কিশোৰে ৷ কিশোৰটিয়ে চহৰখনৰ এক অত্যাধুনিক শ্বপিংমলৰ পৰা চকলেট চুৰি কৰি ধৰা পৰে ৷ অভিভাৱকে কৰা অভিযোগ অনুসৰি, তেওঁলোকৰ পুত্ৰক নিৰাপত্তাৰক্ষীয়ে দেওবাৰে নিশা নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল ৷ এই প্ৰহাৰৰ ফলতে কৰুণভাৱে মৃত্যুক সাৱটি লয় কিশোৰটিয়ে ৷

Teenager dies after being caught for shoplifting in HyderabadTeenager dies after being caught for shoplifting in Hyderabad
মৃত্যুক সাৱটিলে দুৰ্ভগীয়া কিশোৰে
author img

By

Published : Feb 18, 2020, 3:56 PM IST

নিউজ ডেস্ক, 18 ফেব্ৰুৱাৰীঃ হায়দৰাবাদত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ এজন 17 বছৰীয়া কিশোৰৰ মৃত্যুই চৰ্চা লাভ কৰিছে চহৰখনত ৷ কিশোৰজনে চহৰখনৰ এক অত্যাধুনিক শ্বপিংমলৰ পৰা চকলেট চুৰি কৰি ধৰা পৰে ৷ ইয়াৰ পিচতেই সন্দেহজনক পৰিস্থিতিত কিশোৰজনে মৃত্যুবৰণ কৰে বুলি আৰক্ষী সূত্ৰই মঙলবাৰে প্ৰকাশ কৰে ৷

কিশোৰটোৰ অভিভাৱকে কৰা অভিযোগ অনুসৰি,তেওঁলোকৰ পুত্ৰক নিৰাপত্তাৰক্ষীয়ে দেওবাৰে নিশা নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল ৷ এই প্ৰহাৰৰ ফলতে কৰুণভাৱে মৃত্যুক সাৱটি লয় কিশোৰটিয়ে ৷ কিন্তু চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ পিছত আৰক্ষীয়ে তেনে কোনো মাৰপিট নোহোৱা বুলি ব্যক্ত কৰে ৷ লগতে ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত থকাৰ কথা উল্লেখ কৰে ৷

উল্লেখ্য যে, নিৰাপত্তাৰক্ষীৰ ককৰ্থনাৰ পিছত কিশোৰজন মাটিত ঢলি পৰে ৷ ততাতৈয়াকৈ কিশোৰজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ আৰক্ষী বিষয়া এ ভেংকটয়াৰ বক্তব্য অনুসৰি স্থানীয় এখন জুনিয়ৰ মহাবিদ্যালয়ৰ ছাত্ৰজনে বন্ধুৰ সৈতে বন্ধৰ কিছুসময় পূৰ্বে মলখনলৈ গৈছিল ৷ কিশোৰজনে মলখনৰ পৰা কিছুসংখ্যক চকলেট লৈ পকেটত ভৰাই ৰাখিছিল ৷ কিন্তু মলটোৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীক দেখি চকলেটসমূহ পেলাই দিয়ে কিশোৰজনে ৷ কিশোৰটিৰ এই কাৰ্য দেখি নিৰাপত্তাৰক্ষীয়ে সোধ-পোছ কৰে যদিও কোনোধৰণৰ মাৰপিট কৰা নাছিল বুলি আৰক্ষীয়ে সংবাদমাধ্যমক জানিবলৈ দিয়ে ৷ চিচিটিভি ফুটেজত এই কথা স্পষ্টকৈ প্ৰকাশ পাইছে বুলি ইতিমধ্যে আৰক্ষীসূত্ৰই প্ৰকাশ কৰিছে ৷

কিশোৰজন হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ কিন্তু মৰণোত্তৰ পৰীক্ষাৰ পিছতহে সম্পূৰ্ণ সত্য প্ৰকাশ পাব বুলি আৰক্ষী সূত্ৰই সদৰী কৰিছে ৷ কিশোৰজনৰ পিতৃ-মাতৃয়ে ইতিমধ্যে শ্বপিংমল কৰ্তৃপক্ষৰ বিৰুদ্ধে স্থানীয় আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছে ৷

লগতে চাওকঃদুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.