নিউজ ডেস্ক, 5 ছেপ্তেম্বৰ : প্ৰতিজন শিষ্যৰ হৃদয়ৰ থাপনাখন উচৰ্গিত হয় শিক্ষাগুৰুৰ হাতত ৷ শিক্ষক এডাল শলিতা যি নিজেই জ্বলি আনক পোহৰাই তোলে ৷ শিক্ষক নামৰ শলিতাডালিয়ে অন্ধকাৰ গুহাৰ পৰা জ্ঞানৰ পৃথিৱীৰ পোহৰলৈ কঢ়িয়াই আনে বহুজনক ৷ আমাৰ দেশৰ মহান চিন্তাবিদ, দাৰ্শনিক তথা মহান শিক্ষক ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল 1888 চনৰ 5 চেপ্টম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুটানি নামৰ ঠাইত৷ এই মহান মনিষী গৰাকীয়ে দুবাৰকৈ ভাৰতৰ উপৰাষ্ট্ৰপতিৰ আশন অলংকৃত কৰাৰ উপৰিও ডঃ সৰ্বপল্লী ৰাধাীকৃষ্ণণে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক, মানচেষ্টাৰ কলেজৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈ থকাৰ উপৰিও মহীশূৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক, অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হোৱাৰ লগতে UNESCO ৰ Chairman তথা 1952 চনত UNESCO ৰ President ৰ পদ অলংকৃত কৰে৷
ইয়াৰ উপৰিও ডঃ সৰ্বপল্লী ৰাধাীকৃষণে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ আমোল পৰিৱৰ্তন কৰিবলৈ সক্ষম হোৱা বাবে শিক্ষা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি দিয়া হয় ৷ তেখেতক ভাৰত চৰকাৰে 1954 চনত '' ভাৰত ৰত্ন ' সন্মান প্ৰদান কৰা হয় ৷ এই বিশিষ্ট ব্যক্তিজন ৰাষ্টপতি পদত অধিষ্ঠিত হোৱাৰ পাছতেই তেওঁৰ সতীৰ্থ আৰু শিষ্য সকলে জন্মদিন পালনৰ অনুমতি বিচৰাত তেওঁ নিজকে ৰাষ্টপতি, দাৰ্শনিক আদিতকৈ শিক্ষক হিচাপে পৰিচয় দিহে বেছি ভাল পায় বুলি প্ৰকাশ কৰে ৷ সেই বাবেই তেওঁৰ জন্মদিনটো ব্যক্তিগত কৰাতকৈ সমগ্ৰ শিক্ষক সকলৰ প্ৰতি সন্মান জনাই সেই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰিলে তেওঁ বেছি সুখী হ’ব বুলি জনায় ৷ তেতিয়াৰ পৰাই 5 চেপ্তেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে ৷ মহান মনিষীয়ে কৈ গৈছিল, এখন সমাজ সুচাৰুৰূপে পৰিচালিত হ’বলৈ লাগে অফুৰন্ত কৰ্ম শক্তি, সংযত বিবেক আৰু সেৱাৰ মনোভাৱ , তাৰ বাবেই অতি অফুৰন্ত শক্তিয়েই হৈছে শিক্ষা ৷ যি শিক্ষাৰ পথ দেখুৱাই দিয়ে প্ৰতিজন গুৰুৱে৷
শিক্ষক মানে যে কেৱল আনুষ্ঠানিক শিক্ষাদান কৰা সকলকে বুজায় তেনে নহয় ৷ পিতৃ-মাতৃ, জ্যেষ্ঠজন যিয়ে জীৱনৰ বাটত আগুৱাই যোৱাৰ বাবে আমাক প্ৰতি খোজত দিক দৰ্শন কৰে সেই প্ৰতিগৰাকীয়েই আমাৰ বাবে একো গৰাকী শিক্ষক ৷ গুৰু-শিষ্যৰ সম্পৰ্কতো হৈছে পৃথিৱীৰ অন্যতম পৱিত্ৰ সম্পৰ্ক ৷ য’ত কোনো কলুষতা নাই ৷ শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটোত প্ৰতিজন শিক্ষাগুৰুলৈ ইটিভি ভাৰতৰ তৰফৰ পৰা শত সহস্ৰ প্ৰণাম জনালোঁ ৷