ETV Bharat / bharat

তৰুণ তেজপাল ধৰ্ষণ কাণ্ড: ভুক্তভোগীক বিপৰীত পক্ষৰ অধিবক্তাৰ সোধা পোচা

author img

By

Published : Nov 13, 2019, 7:49 PM IST

তৰুণ তেজপাল ধৰ্ষণ কাণ্ডৰ ভুক্তভোগীক বিপৰীত পক্ষৰ অধিবক্তাৰ সোধা পোচা ৷ গোৱাৰ এক আদালতত চলি আছে বিপৰীত পক্ষৰ অধিবক্তাৰ সোধা পোচা ৷ সোমবাৰৰ পৰা চলা এই প্ৰক্ৰিয়াৰ 15 নৱেম্বৰত অন্ত পৰিব বুলি আশা কৰা হৈছে ৷

তৰুণ তেজপাল ধৰ্ষণ কাণ্ড

নেশ্যনেল ডেস্ক, 13 নৱেম্বৰ: তেহেলকা আলোচনীৰ স্বৰ্তাধিকাৰী তৰুণ তেজপালক ধৰ্ষণৰ গোচৰত অভিযোক্ত কৰা যুৱতীক বিপৰীত পক্ষৰ অধিবক্তাৰ সোধা পোচা ৷ গোৱাৰ এক আদালতত চলি আছে বিপৰীত পক্ষৰ অধিবক্তাৰ সোধা পোচা ৷ সোমবাৰৰ পৰা চলা এই প্ৰক্ৰিয়াৰ 15 নৱেম্বৰত অন্ত পৰিব বুলি আশা কৰা হৈছে ৷ বিশেষ চৰকাৰী অধিবক্তা ফ্ৰঞ্চিচকো তাভোৰায়ে এই কথা জানিবলৈ দিয়ে ৷
ইয়াৰ পূৰ্বে সমগ্ৰ ঘটনাৰ বিচাৰপ্ৰক্ৰিয়া কেমেৰাৰে হৈছিল য’ত গোচৰীয়া পদকীয়া, উভয় পক্ষৰ অধিবক্তা উপস্থিত আছিল ৷

তৰুণ তেজপাল ধৰ্ষণ কাণ্ড
উল্লেখযোগ্য যে, তেহেলকা আলোচনীৰ স্বৰ্তাধিকাৰী, তেজপালৰ এগৰাকী মহিলা সতিৰ্থয়ে 2013 চনৰ নৱেম্বৰ মাহত তেওঁক ধৰ্ষণৰ গোচৰত অভিযোক্ত কৰিছিল ৷ 2013 চনৰ নৱেম্বৰৰ 30 তাৰিখে তেওঁক গ্ৰেপ্তাৰ কৰিছিল যদিও বৰ্তমান জামিনত আছে তেজপাল ৷যোৱা সপ্তাহত তেজপালে বম্বে উচ্চ ন্যায়ালয়ত গোচৰৰ শুনানি পিচোৱাবলৈ আবেদন জনাইছিল ৷ তেওঁৰ অধিবক্তা ব্যস্ত থকাৰ বাবে শুনানি পিচোৱাবলৈ আবেদন জনাইছিল তেওঁ যাক ন্যায়ালয়ে নাকচ কৰে ৷ 2017 চনৰ ছেপ্টেম্বৰৰ 27 তাৰিখে গোৱা আদালতে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন দফা, ধৰ্ষণ, যৌন নিৰ্যাতন আৰু অন্যায়ৰে বন্দী কৰি ৰখাৰ বাবে দোষি সাব্যস্ত কৰিছিল যাৰ বিৰুদ্ধে তেওঁ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল ৷ এই আবেদন নাকচ কৰিছিল উচ্চতম ন্যায়ালয়ে আৰু 6 মাহৰ ভিতৰত সমগ্ৰ গোচৰ নিষ্পতি কৰিবলৈ নিৰ্দেশ দিছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.