ETV Bharat / bharat

তামিলনাডুৰ বাৰ্ষিক জাল্লিকাট্টু অনুষ্ঠানত আঘাতপ্ৰাপ্ত 58 গৰাকী

author img

By

Published : Jan 15, 2021, 11:58 AM IST

বৃহস্পতিবাৰে তামিলনাডুৰ মাদুৰাইত বাৰ্ষিক জাল্লিকাট্টু অনুষ্ঠান অৰ্থাৎ বনৰীয়া ম’হ যুঁজ খেলত 58 গৰাকী লোক আঘাতপ্ৰাপ্ত হয় ৷ আঘাতপ্ৰাপ্ত সকলৰ ভিতৰত দৰ্শকৰ লগতে খেলুৱৈও অন্তৰ্ভুক্ত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

জাল্লিকাট্টু
jallikattu event

নেশ্যনেল ডেস্ক,15 জানুৱাৰী : তামিলনাডুৰ মাদুৰাইত পংগাল উৎসৱৰ শুভক্ষণত বৃহস্পতিবাৰে আয়োজিত বাৰ্ষিক জাল্লিকাট্টু অনুষ্ঠানত দৰ্শকৰ সৈতে কমেও 58 গৰাকী লোক আঘাতপ্ৰাপ্ত হয় ৷ তামিলনাডু আৰক্ষীয়ে এই কথা জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, আভানিয়াপুৰমত শস্য মহোৎসৱ পংগালৰ অংশ হিচাপে বুল-টেমিং খেলৰ আয়োজন কৰা হৈছিল । অনুষ্ঠানত 500ৰো অধিক লোকে অংশগ্ৰহণ কৰিছিল ৷ আঘাতপ্ৰাপ্তসকলৰ ভিতৰত দৰ্শকৰ লগতে খেলুৱৈও অন্তৰ্ভুক্ত হৈ আছে ৷

ক’ভিড প্ৰট’কল মানি এই অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৷

প্ৰতিবছৰে তামিলনাডুত পংগাল শস্য মহোৎসৱৰ লগত সংগতি ৰাখি জাল্লিকাট্টু অৰ্থাৎ বনৰীয়া ম’হ যুঁজ খেলৰ আয়োজন কৰা হয় ৷

লগতে পঢ়ক : জ’ বাইডেন প্ৰশাসনত অন্তৰ্ভুক্ত আন এগৰাকী কাশ্মীৰি মূলৰ মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.