নিউজ ডেস্ক,১৯ জুনঃ তামিলনাডুৰ চেন্নাই,থিৰুভাল্লুৰ,কানছিপুৰাম,আৰু চেংগলাপেট জিলাত ১২ দিনৰ কাৰণে লক ডাউন ঘোষণা কৰা হৈছিল ক'ৰণা অধিক সংক্ৰমণ হোৱাৰ বাবে। ইপিনে তামিলনাডু চৰকাৰে পুনৰ চাৰিখন জিলাৰ লগতে সমগ্ৰ ৰাজ্যখনত পুনত ৩০ জুনলৈকে লক ডাউন বৃদ্ধি কৰিছে ।
![তামিলনাডুৰ চাৰিখন জিলাত ৩০ জুনলৈ লক ডাউন বৃদ্ধি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11:45:50:1592547350_7678244_610_7678244_1592543805499.png)
উল্লেখযোগ্য যে চেন্নাইত সকলো দোকান পোহাৰ,অঞ্চল সমূহত লক ডাউন সম্পূণকৈ পালন কৰা দেখা গৈছে । আনহাতে তামিলনাডুত বৃহস্পতিবাৰৰ দিনটোতে ২,১৪১ টা কোভিড-১৯ পজিটিভ ঘটনা পোৱা গৈছে । ৰাজ্য খনত বৰ্তমান কোভিড -১৯ আক্ৰান্তৰ সংখ্যা ৫২৩৩৪ জনলৈ বৃদ্ধি পালে। চেন্নাইতে বৃহস্পতিবাৰৰ দিনটোত ১৩৭৩ জন আক্ৰান্ত হৈছে আৰু চহৰ খনত সৰ্বমুঠ ৩৭০৭০জনলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । ৰাজ্যখনত বৰ্তমান ৬২৫ জন ব্যক্তি কোভিড-১৯আক্ৰান্ত হৈ মৃত্যু হৈছে । বৃহস্পতিবাৰৰ দিনটোতে ৪৯ জনৰ মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগৰ লোকে জানিবলৈ দিয়ে ।
লগতে পঢকঃ উত্তৰ-পূৱৰ শিল্পীক সমৰ্থনৰ হেতু ইউটিউব চেনেল মুকলি আৰএছএছৰ