নিউজ ডেস্ক, ২১ জুন : তামিলনাডু চৰকাৰে ৰাজ্যখনৰ আৰ্থিকভাবে পিছপৰা (EWS) ৰ অধীনৰ আয় আৰু পৰি সম্পত্তিৰ প্ৰমাণপত্ৰ প্ৰদান সাময়িকভাবে বন্ধ কৰিছে । যদিওৱা ৰাজ্যখনত ইনষ্টিটিউট অফ বেংকিঙ ক্ষেত্ৰত শতাধিক উত্তীৰ্ণ নিৱনুৱাই এটা উজ্বল ভৱিষ্যতৰ বাবে আশাৰে বাট চাই আছে ।
এই কোটাৰ অধীনৰ প্ৰতিজন হিতাধিকাৰীক আয় আৰু পৰি সম্পত্তিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাটো জৰুৰী কিন্তু শেহতীয়াভাবে চৰকাৰে প্ৰতিখন জিলাৰ উপায়ুক্তক এই প্ৰমান পত্ৰ প্ৰদান নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।
২০১৯ চনৰ ১২ জানুৱাৰী তাৰিখে চৰকাৰে বাৰ্ষিক আয় ৪ লাখতকৈ কমৰ আৰ্থিকভাবে পিচপৰা লোকক চৰকাৰী উচ্চ শিক্ষা আৰু ৰোজগাৰৰ ক্ষেত্ৰত ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিছিল ।
আনহাতে, চৰকাৰখনৰ এই সিদ্ধান্তক অসাংবিধানিক আখ্যা দি বিজেপিৰ মুখপাত্ৰ কেটি ৰাঘবনে জনাই যে, চৰকাৰে হিতাধিকাৰী সকলক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিব নালাগিছিল । সংসদত আয় আৰু পৰি সমাপ্তিৰ বিধেয়ক গৃহীত হোৱাৰ পিচতো চৰকাৰৰ এই সিদ্ধান্ত সম্পূৰ্ণ অসাংবিধানিক বুলি নেতা গৰাকীয়ে উল্লেখ কৰে ।