নেশ্যনেল ডেস্ক,৩ছেপ্টেম্বৰ: মাওবাদীৰে জড়িত থকাৰ সন্দেহত তেলেংগনাত আৰক্ষীয়ে গুলীয়াই হত্যা কৰে এজনক । বৃহস্পতিবাৰে পুৱা প্ৰায় ৪.১৫বজাত ভাদ্ৰদ্ৰী-কথাগুডেম জিলাত সংঘটিত হয় এই ঘটনা । পুৱা গুণ্ডালা মণ্ডল অঞ্চলত যান-বাহনৰ তালাচী চলি থকা অৱস্থাত নিহত হয় মাওবাদী সংগঠনৰ সদস্যজন ।
ভাদ্ৰদ্ৰী-কথাগুডেম জিলাৰ আৰক্ষী অধীক্ষক সুনীল দত্তই প্ৰকাশ কৰা কৰিছে যে, বিগত কিছুদিন ধৰি মাওবাদীৰ গতিবিধি সন্দৰ্ভত আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছিল । মটৰচাইকেলেৰে বিদ্ৰোহী সংগঠনৰ সদস্য অঞ্চলটোত তহল দি থকাৰ খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে যান-বাহনৰ তালাচী আৰম্ভ কৰিছিল ।
বৃহস্পতিবাৰে পুৱা প্ৰায় ৪.১৫ বজাত গুণ্ডালা মণ্ডল অঞ্চলত দুগৰাকী মটৰচাইকেল আৰোহীক আৰক্ষীয়ে ৰ'বলৈ কৈছিল যদিও দুয়োজনে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰাত এজন মাওবাদী সদস্যৰ মৃত্যু হয়। মৃত সদস্যজনৰ মটৰচাইকেলৰ লগতে আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধানত অব্যাহত ৰাখিছে।