নিউজ ডেস্ক, 1 এপ্ৰিলঃ কথা এষাৰ আছে যে, কথাত বঁটা পায় আৰু কথাত বঁটা পায়, পিছে সজ্জনৰো বুৰে নাঁও হস্তীৰো পিছলে পাৱ ৷নাঁও বুৰিলেও টিঙৰ পৰা নানামো অৱস্থা বিহাৰৰ উপ -মুখ্যমন্ত্ৰী সুশীল মোডী ৷ বিহাৰৰ পূৰ্ণিয়াত নিৰ্বাচনী সভাত নিজৰ ভাষণ প্ৰসংগত কেইবাটাও গুৰুত্বপূৰ্ণ ভূল সংঘটিত কৰে বিহাৰৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
নিৰ্বাচনী সভাত নিজৰ ভাষণ প্ৰসংগত বাৰে-পাঁচিয়ে ভূল কথাৰে উপস্থিত ৰাইজৰ ৰোষৰ বলি হয় বিহাৰৰ উপ-মুখ্যমন্ত্ৰীগৰাকী ৷ বিশ্বত্ৰাস ওচামা বিন লাডেনৰ ঠাইত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী আখ্যা দিয়াৰ লগতে আমেৰিকাই ওবামাক হত্যা কৰাৰ কথাও উল্লেখ কৰেসুশীল মোডীয়ে ৷
নিজৰ প্ৰায় 40 মিনিটযোৰা ভাষণৰ সময়চোৱাত সুশীল মোডীয়ে ভাষণৰ নামত এপাঁচি ভূল তথ্য ৰাইজৰ আগত উত্থাপন কৰে ৷ পৰৱৰ্তী সময়ত ৰাইজে মন্ত্ৰীগৰাকীৰ ভূল তথ্যৰ বাবে প্ৰশ্ন উত্থাপন কৰাত সভাস্থলীৰ মণ্ডপত উপস্থিত থকা বিজেপিৰ জিলা অধ্যক্ষ প্ৰফুল্ল ৰঞ্জন বৰ্মাইতেঁওৰ ভূল শুদ্ধ কৰি দিয়ে ৷