ETV Bharat / bharat

'U-turn'ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰক ডা০ সুধীৰ গুপ্তাই: সুশান্তৰ ভগ্নী - সুশান্ত সিং ৰাজপুত

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুক প্ৰথমে হত্যা বুলি কৈ মৰণোত্তৰ পৰীক্ষাক লৈ প্ৰশ্ন উত্থাপন। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পুনৰীক্ষণৰ দায়িত্ব লাভৰ পিছতে লুটিবাগৰ AIIMSৰ ফৰেনচিক বিশেষজ্ঞ সুধীৰ গুপ্তাৰ। সংবাদ মাধ্যমত পূৰ্বৰ অভিযোগ সম্বলিত ভিডিঅ' সম্প্ৰচাৰৰ পিছতে চিকিত্সকগৰাকীৰ স্থিতি সম্পৰ্কে প্ৰতিক্ৰিয়া কৰিবলৈ আহ্বান সুশান্তৰ ভগ্নীৰ শ্বেতাৰ।

'U-turn'ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰক ডা০ সুধীৰ গুপ্তাই: সুশান্তৰ ভগ্নী

author img

By

Published : Oct 5, 2020, 4:44 PM IST

চিটাৰা ডেস্ক, ৫ অক্টোবৰ: প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজুপতৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পুনৰীক্ষণৰ পিছত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাক দিয়া প্ৰতিবেদন সন্দৰ্ভত AIIMSৰ মুখ্য ফৰেনচিক বিশেষজ্ঞ সুধীৰ গুপ্তাক প্ৰতিক্ৰিয়া প্ৰকাশৰ আহ্বান জনালে সুশান্তৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে। শেহতীয়াকৈ এটা ব্যক্তিগত টেলিভিছন চেনেলত সম্প্ৰচাৰ হোৱা এটা বাতৰিৰ পিছতে ইনষ্টাগ্ৰাম পোষ্টযোগে সুধীৰ গুপ্তাৰ স্থিতিক লৈ প্ৰশ্ন কৰিলে শ্বেতাই। সম্প্ৰচাৰিত হোৱা বাতৰিত এটা ভিডিঅ' ক্লিপো দেখুওৱা হৈছিল য'ত সুশান্তৰ মৃত্যু পিছতে সুধীৰ গুপ্তাই এই ঘটনাক হত্যা বুলি সন্দেহ কৰি কোপাৰ হাস্পতালে প্ৰস্তুত কৰা সুশান্তৰ মৰণোত্তৰ পৰীক্ষাক লৈও বিভিন্ন প্ৰশ্ন উত্থাপন কৰে।

'U-turn'ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰক ডা০ সুধীৰ গুপ্তাই: সুশান্তৰ ভগ্নী
'U-turn'ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰক ডা০ সুধীৰ গুপ্তাই: সুশান্তৰ ভগ্নী

AIIMSৰ মুখ্য ফৰেনচিক বিশেষজ্ঞগৰাকীয়ে 'U-turn' লোৱা বুলি সমালোচনা কৰা হৈছে। এই বাতৰি প্ৰকাশৰ পিছতে 'U-turn' অথবা স্থিতি পৰিৱৰ্তন সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰিবলৈ ইনষ্টাগ্ৰাম পোষ্টযোগে সুধীৰ গুপ্তাক আহ্বান জনালে সুশান্তৰ ভগ্নীয়ে। AIIMSৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পুনৰীক্ষণৰ দায়িত্বত থকা ফৰেনচিক বিশেষজ্ঞৰ দলটোৱে সুশান্তৰ মৃত্যুক আত্মহত্যাৰ ইংগিত দিছে। বিহপান কৰাই, ডিঙি চেপি সুশান্তক হত্যা কৰা হৈছিল বুলি সুশান্তৰ পৰিয়াল আৰু অধিবক্তাই কৰা অভিযোগক নস্যাত্ কৰিছে ফৰেনচিক বিশেষজ্ঞই। উল্লেখ্য যে, যোৱা ১৪জুনত মুম্বাইৰ বান্দ্ৰাৰ বাসগৃহত সুশান্তৰ মৃতদেহ উদ্ধাৰ হৈছিল। সুশান্তৰ পৰিয়ালৰ লোকে হত্যাৰ সন্দেহ কৰি গোচৰ তৰিছিল। এতিয়াও সুশান্তৰ মৃত্যু সন্দৰ্ভত অব্যাহত আছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ তদন্ত ৷

লগতে পঢ়ক : জনা-নজনা: কোন দেশত কি ধৰ্ষণৰ শাস্তি ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.