মুম্বাই, ১৫ জুন: সোমবাৰে পুৱা প্ৰকাশ পায় প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত অভিনেতাগৰাকীৰ আত্মহত্যা কৰাৰ কথা স্পষ্ট হয় ।
মহাৰাষ্ট্ৰৰ বান্দ্ৰাস্থিত নিজা বাসগৃহত দেওবাৰে চিপ লোৱা অৱস্থাত উদ্ধাৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ ৷ ঘটনা সন্দৰ্ভত অভিনেতাগৰাকীৰ বাসগৃহটোৰ পৰিচাৰিকাই খবৰ দিয়ে আৰক্ষীক ৷ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই আত্মহত্যাৰ কাৰণ ৷