নিউজ ডেস্ক, ২২ জুন : অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ তদন্তৰ অংশ হিচাপে আৰক্ষীয়ে ৰিয়া চক্ৰৱৰ্তীৰ পিচত সুশান্ত সিঙৰ অন্তৰংগ বন্ধু সিদ্ধাৰ্থ পিতানিৰ শেহতীয়া বিবৃতি গ্ৰহণ কৰিছে । প্ৰাপ্ত খৱৰ অনুসৰি সিদ্ধাৰ্থ পিতানি সুশান্ত সিঙৰ সৈতে একেটা এপাৰ্টমেন্টত আছিল ।
বৰ্তমানলৈ আৰক্ষীয়ে অভিনেতাজনৰ মৃত্যুৰ তদন্তৰ বাবে অভিনেতা জনৰ পৰিয়ালৰ লগতে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী, কাষ্টিং নিৰ্দেশক মুকেশ চাব্ৰৰাৰ লগতে ১৩ জন লোকৰ বিবৃতি গ্ৰহণ কৰিছে ।
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বৰ্তমানেও সুশান্ত সিংৰ আত্মহত্যাৰ তদন্ত ৰ্তীব্ৰ গতিত চলি আছে ।
উল্লেখযোগ্য যে, অভিনেতাজনে বহু কেইখন জনপ্ৰিয় ছবিত অভিনয় কৰি নিজৰ জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে দৰ্শকৰ মৰম বুটলিবলৈ সক্ষম হৈছিল ।
লগতে পঢ়ক : নয়ডাত 50টা মেট্ৰ' ষ্টেচন তৃতীয় লিংগৰ বাবে উৎসৰ্গা