নিউজ ডেস্ক, 26 আগষ্ট: প্ৰয়াত বলিউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত ধনৰ খেলিমেলিৰ তদন্ত কৰি থকা ইডিয়ে নাৰ্কোটিক্স কন্ট্ৰল ব্যুৰ'ৰ পৰা ড্ৰাগছৰ চিণ্ডিকেটৰে সম্পৰ্ক সন্দৰ্ভত তদন্তত সহায় বিচাৰিছে ৷
ED ৰ এক উচ্চ পদস্থ সুত্ৰই জানিবলৈ দিয়া মতে, বিত্তীয় তদন্ত সংস্থাই এন চি বিক এখন পত্ৰ লিখে য‘ত ড্ৰাগছ সম্পৰ্কীয় তদন্তত তেওঁলোকৰ সহযোগিতা বিচাৰিছে ৷ ইডিয়ে জানিব বিচাৰিছে যে, সুশান্তৰ মৃত্যুৰ আঁৰত কোনো ড্ৰাগছ সংক্ৰান্তীয় বিষয়ৰ যোগ সুত্ৰ আছে নেকি ৷
ED য়ে বিহাৰ আৰক্ষীৰ এফ আই আৰৰ আধাৰত 31 জুলাইত ধনৰ খেলিমেলিৰ গোচৰ ৰুজু কৰিছিল ৷ সুশান্তৰ পিতৃ কে. কে. সিঙৰ অভিযোগৰ পাছতে বিহাৰ আৰক্ষীয়ে এফ আই আৰ লিখিছিল ৷
উল্লেখ্য যে, এই বিষয়ত ইতিমধ্যে ED য়ে সুশান্তৰ পিতৃ আৰু দুইভগ্নী প্ৰিয়ংকা আৰু মাতুৰ ভাষ্য সংগ্ৰহ কৰিছে ৷
ED য়ে সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী, ৰিয়াৰ ভাতৃ শৌৱিক, পিতৃ ইন্দ্ৰজিতৰো ভাষ্য সংগ্ৰহ কৰে ৷ ইয়াৰ ওপৰিও EDয়ে সুশান্তৰ পূৰ্বৰ মেনেজাৰ, ফ্লেট মেট সিদ্ধাৰ্থ পিথানী, ঘৰৰ মেনেজাৰ চেমুৱেল মিৰাণ্ডা, CA সন্দিপক সোধপোচ সম্পন্ন কৰে ৷
লগতে পঢ়ক : টকৌলাংছ' জলপ্ৰপাত এলেকাত উগ্ৰপন্থীৰ মুক্ত বিচৰণৰ ভিডিঅ’ ভাইৰেল