নিউজ ডেস্ক, 16 এপ্ৰিলঃ যি সময়ত মাস্ক আৰু হেণ্ড ছেনিটাইজাৰৰ অভাৱ চলি আছে,তেনে সময়তেই মুম্বাইত আৰক্ষীয়ে জব্দ কৰিছে 81,000 তিনি তৰপীয়া চাৰ্জিকেল মাস্ক । ক'লা বজাৰত অধিক মূল্যত বিক্ৰীৰ উদ্দেশ্যেৰে এই মাস্ক সমূহ লৈ যোৱা হৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ।
মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই এই ঘটনাৰ লগত জৰিত থকাৰ অপৰাধত 35 বৰ্ষীয় লোক এজনকো গ্ৰেপ্তাৰ কৰে । লোকজনৰ নাম নৌচদ কামাল শেখ ।
আৰক্ষীয়ে জব্দ কৰা এই মাস্কখিনিৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত 12 লক্ষাধিক হ'ব বুলি জানিবলৈ দিছে । লোকজনৰ বিৰুদ্ধে আৱশ্যক সামগ্ৰী অধিনিয়মৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত চলাই থকা হৈছে ।