নিউজ ডেস্ক, 4 জুলাইঃ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰে সংশোধন কৰা পশু নিষ্ঠুৰতা প্ৰতিৰোধ আইনৰ বহুকেইটা অধিনিয়মৰ বৈধতা সন্দৰ্ভত এক জাননী প্ৰেৰণ কৰিছে ৷ বাফেল’ ট্ৰেডাৰ ৱেলফেয়াৰ এচ'ছিয়েশ্বন নামৰ সংস্থাৰ সভাপতি মহম্মদ আকিল কুৰেছিয়ে দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ পিচতেই কেন্দ্ৰীয় চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৷
ন্যায়াধীশ এছ এ বব্দে আৰু বি আৰ গাভাইৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠে আবেদনৰ শুনানি গ্ৰহণ কৰি আগন্তুক চাৰি সপ্তাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ এইদৰে জাননী প্ৰেৰণ কৰে ৷
2017 চনৰ 23 মে'ত আইনখনৰ কিছু সংশোধন কৰিছিল ৷ সেই অনুসৰি আইনখনৰ ২৯ আৰু ৩৫ খণ্ডৰ ৩, ৫, ৮, আৰু ৯ নম্বৰ অধিনিয়মৰ কিছু পৰিৱৰ্তন সাধন কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ আবেদনকাৰীৰ হৈ উক্ত খণ্ডৰ অধিনিয়মসমূহ অসাংবিধানিক বুলি প্ৰত্যাহ্বান জনাইছিল অধিবক্তা সনোবৰ আলী কুৰেছিয়ে ৷