ETV Bharat / bharat

আমিৰ খানৰ তুৰ্কী ভ্ৰমণক লৈ মন্তব্য শুভ্ৰমনিয়াম স্বামীৰ - আমিৰ খানৰ তুৰ্কী ভ্ৰমণক লৈ মন্তব্য শুভ্ৰমনিয়াম স্বামীৰ

ছুপাৰষ্টাৰ আমিৰ খানৰ তুৰ্কী ভ্ৰমণক লৈ মন্তব্য ৰাজ্যসভাৰ সাংসদ শুভ্ৰমনিয়াম স্বামীৰ । 'তুৰ্কীৰ পৰা ভাৰতলৈ উভতি আহিয়েই কোৱাৰেণ্টাইনত থাকিব লাগিব অভিনেতাগৰাকী।' তুৰ্কীৰ ৰাষ্ট্ৰপতিৰ পত্নী আমিনা এৰ্দুগানক আমিৰ খানে সাক্ষাৎ কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদগৰাকীয়ে ।

আমিৰ খানৰ তুৰ্কী ভ্ৰমণক লৈ মন্তব্য শুভ্ৰমনিয়াম স্বামীৰ

author img

By

Published : Aug 19, 2020, 4:35 PM IST

নেশ্যনেল ডেস্ক,১৯আগষ্টঃ বিবাদৰ মেৰপেচত সোমাই পৰিছে ছুপাৰষ্টাৰ আমিৰ খান । অভিনেতাগৰাকীয়ে তুৰ্কীৰ ৰাষ্ট্ৰপতিৰ পত্নী এমিনে এৰ্দুগানক সাক্ষাৎ কৰাৰ ফটো ছ'চিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ শুভ্ৰমনিয়াম স্বামীয়ে। আমিৰ খানে তুৰ্কীৰ পৰা ভাৰতলৈ উভতি আহিয়েই ক'ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে বান্ধি দিয়া স্বাস্থ্যবিধি মানি কোৱাৰেণ্টাইত থাকিব লাগিব বুলি মন্তব্য কৰিছে সাংসদগৰাকীয়ে ।

দুসপ্তাহৰ বাবে চৰকাৰী আবাসত কোৱাৰেণ্টাইত অভিনেতাগৰাকী থাকিব লাগিব বুলি মন্তব্য কৰে । বুধবাৰে টুইটযোগে এই কথা প্ৰকাশ কৰে সাংসদ শুভ্ৰমনিয়াম স্বামীয়ে । সাংসদগৰাকীৰ মন্তব্যক সাম্প্ৰদায়িক বিষবাষ্পৰ কাৰক বুলি গৰিহণা দিছে একাংশই । উল্লেখ্য য়ে, সম্প্ৰতি 'লাল সিং চড্ডা' ছবিৰ দৃশ্যগ্ৰহণৰ বাবে তুৰ্কীত থকা আমিৰ খানে ১৯ আগষ্টত তুৰ্কীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিৰ পত্নী এমিনে এৰ্দুগানক সাক্ষাৎ কৰে । ছ'চিয়েল মিডিয়াত সাক্ষাতৰ ফটো প্ৰচাৰ হোৱাৰ পিছতে তীব্ৰ সমালেচনাৰ সন্মুখীন হ'বলগীয়া হৈছে অভিনেতাগৰাকী । আনহাতে ৩৭০ অনুচ্ছেদ জম্মু-কাশ্মীৰৰ পৰা উঠাই লোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে তুৰ্কীৰ ৰাষ্ট্ৰপতিয়ে বিৰোপ মন্তব্য কৰাত ভাৰতত ক্ষোভৰ উদ্গীৰণ হৈছিল । এনে পৰিপ্ৰেক্ষিতত আমিৰ খানে দেশখনৰ প্ৰথম মহিলা তথা ৰাষ্ট্ৰপতিৰ পত্নীক সাক্ষাৎ কৰাত বিবাদৰ সূত্ৰপাত হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.