নিউজ ডেস্ক, 18 নৱেম্বৰঃ Spicejet বিমান সংস্থাৰ কৰ্মীক খঙতে চৰ সোধাই বিপদত পৰিল গুজৰাট আৰক্ষীৰ এজন উপ-পৰিদৰ্শক ৷ এই ঘটনা সংঘটিত হয় আহমেদাবাদৰ বিমান বন্দৰত ৷
প্ৰাপ্ত খবৰ অনুসৰি যাত্ৰাৰ বাবে উপ-পৰিদৰ্শক জনে আহমেদাবাদৰ বিমান বন্দৰত দেৰিকৈ উপস্থিত হোৱাৰ বাবে Spicejet কৰ্তৃপক্ষই তেওঁক ব'ৰ্ডিঙৰ বাবে অনুমতি প্ৰদান কৰা নাছিল ৷ ইয়াৰ পিচতে কৰ্তপক্ষৰ লগত যুক্তি তৰ্কত লিপ্ত হৈছিল উপ-পৰিদৰ্শক জন ৷
উল্লেখ্য যে, 17 নৱেম্বৰত গুজৰাট আৰক্ষীৰ এজন উপ-পৰিদৰ্শক সহ তিনিজন যাত্ৰীয়ে Spicejet SG 8194 নম্বৰৰ বিমান খনৰ বাবে টিকত সংগ্ৰহ কৰিছিল ৷ কিন্তু নিধাৰিত সময়ৰ বহু পলমকৈ বিমান বন্দৰত উপস্থিত হৈছিল উপ-পৰিদৰ্শকজন ৷ যাৰ বাবে বিমানখনত বৰ্ডিংৰ বাবে অস্বীকাৰ কৰে বিমান কৰ্তৃপক্ষই ৷
ইয়াৰ পিচতে যুক্তি তৰ্ক আৰু তাৰ পিচতে এজন Spicejetৰ কৰ্মচাৰীক চৰ সোধাই বুলি অভিযোগ কৰে বিমান বন্দৰৰ কৰ্মকৰ্তাই ৷ অৱশেষত সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে বিমান বন্দৰত কৰ্তব্যৰত চিআইএচএফ জোৱানে ৷
লগতে পঢ়কঃ তিনি দিনলৈ অকলে চীনা সৈন্যক আবদ্ধ কৰি ৰখা বীৰ জোৱানজন