ETV Bharat / bharat

ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবী বড়োলেণ্ড ছাত্ৰ সন্থাৰ

author img

By

Published : Feb 24, 2020, 11:02 PM IST

আগন্তুক বিটিআৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সোমবাৰে বড়োলেণ্ড ছাত্ৰ সন্থা আৰু পিপলছ জইন্ট এক্সন কমিটিয়ে এক যুটীয় সংবাদমেল সম্বোধন কৰি এনডিএফৰ সেনাপ্ৰধান ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবী উত্থাপন কৰে ৷ বড়োলেণ্ড ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে এবছুৰ ভুলৰ বাবেই ৰঞ্জন দৈমাৰী পুনৰ জেললৈ যাবলগীয়া হ’ল বুলি উল্লেখ কৰে ৷

Students body demands to release of Ranjan Daimary
ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবী বড়োলেণ্ড ছাত্ৰ সন্থাৰ

কোকৰাঝাৰ, 24 ফেব্ৰুৱাৰীঃ ৰঞ্জন দৈমাৰীৰ মুক্তি দাবী বড়োলেণ্ড ছাত্ৰ সন্থাৰ ৷ আগন্তুক বিটিআৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সোমবাৰে বড়োলেণ্ড ছাত্ৰ সন্থা আৰু পিপলছ জইন্ট এক্সন কমিটিয়ে এক যুটীয় সংবাদমেল সম্বোধন কৰি এনডিএফৰ সেনাপ্ৰধান ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবী উত্থাপন কৰে ৷ বড়োলেণ্ড ছাত্ৰ সন্থাৰ সভাপতি বনজিৎ মঞ্জাল বসুমতাৰী আৰু কোকৰাঝাৰ জিলাৰ সভাপতি মাৰ্টিন বসুমতাৰীয়ে কোকৰাঝাৰৰ টেঙাপাৰা বড়োলেণ্ড ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত বড়োলেণ্ডত শান্তি অটুট ৰখাৰ বাবে ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবী উত্থাপন কৰে ৷

তেওঁলোকে উল্লেখ কৰে যে নতুন বড়ো চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত গঠিত হোৱো বিটিআৰৰ আঁৰত এক অন্যতম মুখ্য তথা সক্ৰিয় ভূমিকা আছে ৰঞ্জন দৈমাৰীৰ ৷ নৱগঠিত বিটিআৰৰ উন্নয়ণৰ বাবে ৰঞ্জন দৈমাৰী জেলৰ পৰা মুকলি হোৱাটো অত্যন্ত জৰুৰী বুলি অভিহিত কৰে এই সংবাদমেলত ৷ আনহাতে বড়োলেণ্ড ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে এবছুৰ ভুলৰ বাবেই ৰঞ্জন দৈমাৰী পুনৰ জেললৈ যাবলগীয়া হ’ল বুলি উল্লেখ কৰে ৷ ইয়াৰোপৰি প্ৰায় 30 টা দল-সংগঠনে আগন্তুক বিটিআৰ নিৰ্বাচনৰ বাবে বড়োভূমিত অশান্তজৰ্জৰ পৰিৱেশৰ সৃষ্টি কৰি থকা বুলিও উল্লেখ কৰে ৷

আৰু পঢ়কঃপ্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিসকলৰ ভাৰত ভ্ৰমণৰ এক আভাষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.