ETV Bharat / bharat

35 কি:মি: বাটকুৰি বাই শিক্ষকক দেখুৱালে হোমৱৰ্ক - অধ্যৱসায়

কৰ্ণাটকৰ এজন 8 বছৰীয়া শিশুৰ পঢ়াৰ প্ৰতি ধাউতি দেখি অভিভূত সকলো ৷ শিক্ষয়িত্ৰীক হোমৱৰ্ক দেখুৱাবৰ বাবে যাত্ৰা কৰিলে 35 কিল'মিটাৰ পথ ৷

35 কি:মি: বাটকুৰি বাই শিক্ষকক দেখুৱালে হোমৱৰ্ক
কৰ্ণাটকৰ এজন 8 বছৰীয়া শিশুৰ পঢ়াৰ প্ৰতি ধাউতি
author img

By

Published : Oct 31, 2020, 10:46 PM IST

নেশ্যনেল ডেস্ক, 31 অক্টোবৰ : কৰ্ণাটকত এজন 8 বছৰীয়া ছাত্ৰৰ পঢ়াৰ প্ৰতি ধাউতিৰ বিষয়ে জানিবলৈ পালে সকলো উৎসাহিত হৈ পৰিব ৷ কৰ'ণাৰ সময়ছোৱাত সাধাৰণ জনতাই উপায়হীন হৈ ঘৰৰ পৰা বাহিৰলৈ ওলাব লগা হৈছে সেই সময়তে তৃতীয় শ্ৰেণীৰ 8 বছৰীয়া এজন ছাত্ৰই 35 কিল'মিটাৰ পথ অতিক্ৰম কৰিব লগা হৈছে ৷ ছাত্ৰজনে শিক্ষয়িত্ৰীক নিজৰ হোমৱৰ্ক দেখুৱাবৰ বাবে য়ৰিবুডিহলাৰ পৰা হুবলীলৈ যাত্ৰা কৰে ৷

নেটৱৰ্কৰ সমস্যাৰ বাবে ব্যাঘাত জন্মিছিল ছাত্ৰজনৰ শিক্ষাত

8 বছৰীয়া পৱন কান্তি এখন আৱাসিক শিক্ষানুষ্ঠানৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ৷ কৰ'ণাৰ বাবে সকলো স্কুল বন্ধ হৈ থকাত সকলোৰে ছাত্ৰৰে শিক্ষাত বাধা আহি পৰিছিল বাবে অনলাইন শিক্ষাৰ ব্যৱস্থা কৰা হৈছে ৷ পৱনৰ বিদ্যালয়েও সকলো ছাত্ৰৰ বাবে অনলাইন শিক্ষাৰ ব্যৱস্থা কৰে ৷ কিন্তু পৱনৰ গাঁৱত নেটৱৰ্কৰ সমস্যাৰ বাবে শিক্ষাত বাধা আহি পৰিছিল ৷

এই সম্পৰ্কে পৱনৰ মাতৃয়ে শিক্ষয়িত্ৰীক জানিবলৈ দিয়ে

তথ্য অনুসৰি, পৱনৰ পিতৃ-মাতৃয়ে দিন হাজিৰা কৰে ৷ সেয়েহে তেওঁলোকে অনলাইন শিক্ষাৰ খৰছ উঠাবলৈ সক্ষম নাছিল ৷ সেয়েহে পৱনে মাতৃৰ তেওঁৰ শিক্ষাত বাধা নাহিবৰ বাবে কোনো ব্যৱস্থা কৰি দিবলৈ কয় ৷ পৱনৰ কথা মতে, মাতৃয়ে তেওঁক শিক্ষয়িত্ৰী অনুসূয়া সজ্জনৰ ওচৰলৈ লৈ যায় আৰু সমগ্ৰ ঘটনা বিস্তৃতভাৱে বৰ্ণনা কৰে ৷

পিতৃ-মাতৃৰ সৈতে 35 কিল'মিটাৰ যাত্ৰা পৱনৰ

8 বছৰীয়া ছাত্ৰজনৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষয়িত্ৰী অনুসূয়াই পৱনক এমাহৰ হোমৱৰ্ক প্ৰদান কৰে ৷ সেই মতেই পৱনে এমাহৰ ভিতৰত নিজৰ হোমৱৰ্ক সম্পূৰ্ণ কৰে ৷ ইয়াৰ পাচত নিজৰ পিতৃ-মাতৃৰ সৈতে 35 কিল'মিটাৰ বাছেৰে ভ্ৰমণ কৰি পৱনে কোন্দাগোলা তালুকৰ য়ৰিবুডিহলাৰ পৰা হুবলীলৈ গৈ শিক্ষয়িত্ৰীক সাক্ষাৎ কৰে ৷ পিতৃ-মাতৃয়ে পৱনৰ শিক্ষাৰ প্ৰতি থকা ধাউতি দেখি অভিভূত হৈ পৰে ৷

লগতে পঢ়ক : পাকিস্তানত খ্ৰীষ্টান কিশোৰীক অপহৰণ কৰি ইছলামলৈ ধৰ্মান্তৰিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.