ETV Bharat / bharat

পাঞ্জাৱত অব্যাহত আছে পথাৰৰ নৰা জ্বলোৱা কাৰ্য

পাঞ্জাৱৰ বিভিন্ন অঞ্চলত খেতিপথাৰ জ্বলোৱা কাৰ্যই সমগ্ৰ উত্তৰ ভাৰতত বায়ু প্ৰদূষণৰ সষ্টি কৰাৰ লগতে বায়ুৰ গুণাগুণ হ্ৰাস কৰাৰো এটি মুখ্য কাৰণ ৷ ই ৰাজধানী দিল্লীৰ বায়ুৰ গুণাগুণৰ মাত্ৰা হ্ৰাস কৰাৰ ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ পেলায় ৷

As_ntl_stubble-burning-continues-in-parts-of-punjab_img
পাঞ্জাৱত অব্যাহত আছে পথাৰৰ নৰা জ্বলোৱা কাৰ্য
author img

By

Published : Nov 22, 2020, 6:44 PM IST

নেশ্যনেল ডেস্ক, 22 নৱেম্বৰঃ লুধিয়ানাৰ বেদ্দোৱাল গাঁৱত কৃষকসকলে অব্যাহত ৰাখিছে পথাৰৰ নৰা জ্বলোৱা কাৰ্য ৷ ‘আমি অসহায়, আমাৰ হাতত অন্য উপায় নাই ৷ চৰকাৰে আমাক সহায় কৰা বা ৰেহাই প্ৰদানৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷’ এই মন্তব্য গাঁওখনৰ হৰজিন্দৰ সিং নামৰ কৃষকজনৰ ৷ হৰিন্দৰে আৰু কয়, চৰকাৰে আমাক নৰাসমূহ চপাই মুকলি পথাৰত ৰাখিবলৈ কৈছে ৷ কিন্তু এই কাৰ্যত অধিক সময়,ধন আৰু সা-সৰঞ্জামৰ প্ৰয়োজন ৷ কিন্তু পৰৱৰ্তী খেতি ৰোপনৰ বাবে আমাৰ হাতত মাত্ৰ এমাহ সময় বাকী ৷

উল্লেখ্য যে, খেতিপথাৰ জ্বলোৱা এই কাৰ্যই সমগ্ৰ উত্তৰ ভাৰতত বায়ু প্ৰদূষণৰ সষ্টি কৰাৰ লগতে বায়ুৰ গুণাগুণ হ্ৰাস কৰাৰ এটা মুখ্য কাৰণ ৷ ই ৰাজধানী দিল্লীৰ বায়ুৰ গুণাগুণৰ মাত্ৰা হ্ৰাস কৰে ৷ বিগত 7 নৱেম্বৰত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে ‘দিল্লী-এন চি আৰত বায়ু প্ৰদূষণ ৰোধৰ বাবে স্থায়ী উপায়’ শীৰ্ষক এক আলোচনা চক্ৰত বায়’মাছৰ দ্বাৰা প্ৰাকৃতিক গেছ উৎপাদন কৰা এটি প্ৰকল্প মহাৰাষ্ট্ৰৰ পুনেত মুকলি কৰে ৷

"চৰকাৰে দিল্লী তথা উত্তৰ ভাৰতত বায়ু প্ৰদূষণ ৰোধৰ বাবে সকলো ধৰণৰ টেকনলজিকেল হস্তক্ষেপ গ্ৰহণ কৰিছে ৷ আমি এইক্ষেত্ৰত পুনেত এটি পৰীক্ষামূলক প্ৰকল্প মুকলি কৰিছো য’ত বায়’মাছৰ পৰা প্ৰাকৃতিক গেছ উৎপাদন কৰিবলৈ সক্ষম হ’ব ৷"-টুইটযোগে জাভেদকাৰে এই মন্তব্য কৰে ৷ এক চৰকাৰী বিবৃতি অনুসৰি এই অনুষ্ঠানত কেন্দ্ৰীয় পৰিৱেশ আৰু স্বাস্থ্য মন্ত্ৰীসকলৰ উপৰিও দিল্লী, পাঞ্জাৱ আৰু হাৰিয়ানা চৰকাৰৰ বিভিন্ন নেতাসকল উপস্থিত আছিল ৷

লগতে পঢ়ক-জম্মু-কাশ্মীৰত নিয়ন্ত্ৰণ ৰেখা আৰু মেন্ধৰ ছেক্টৰৰ আকাশত উৰিছে দ্ৰোণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.