পাটনা :
আমাৰ দেশৰ ইতিহাস সক্ৰিয় আৰু 1946 চনৰ 9 ডিচেম্বৰৰ সংবিধান সভা গঠনৰ সৈতে আৰম্ভ হোৱা বহু জ্ঞাত আৰু অজ্ঞাত ঘটনাৰ সঞ্চয়ন ৷ আমাৰ মাজৰ বহু সংখ্যকেই এই বিষয়ে অজ্ঞাত যে, সেই সময়ৰ কংগ্ৰেছ সভাপতি আচাৰ্য জে. বি. কৃপালানীয়ে ড: ৰাজেন্দ্ৰ প্ৰসাদৰ পূৰ্বে ড: সচ্চিদানন্দ সিন্হাক অন্তৱৰ্তীকালীন অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰিছিল ৷ 1946 চনৰ 9 ডিচেম্বৰত সিন্হাক সংবিধান সভাৰ অন্তৱৰ্তীকালীন অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰিছিল যদিও সেই মাহৰে 11 তাৰিখে সিন্হাৰ পৰিৱৰ্তে ৰাজেন্দ্ৰ প্ৰসাদক পৰোক্ষ নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত কৰা হয় ৷
প্ৰাৰম্ভিক জীৱন :
বক্সৰৰ মুনাৰ গাঁৱত 1871 চনৰ 10 নৱেম্বৰত ড: সচ্চিদানন্দ সিন্হাৰ জন্ম হৈছিল ৷ ড: সিন্হাৰ পিতৃ বক্সী শিৱ প্ৰসাদ সিন্হা সেইসময়ৰ ডুমৰাও মহাৰাজৰ মুখ্য তহছিলদাৰ আছিল ৷ গাঁৱৰে বিদ্যালয়ত ড: সিন্হাই প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল ৷ 1889 চনৰ 26 ডিচেম্বৰত 11 বছৰ বয়সত তেওঁ আইন অধ্যয়নৰ বাবে ইংলেণ্ড ভ্ৰমণ কৰে ৷ 1893 চনত কলিকতা উচ্চ ন্যায়ালয়ত সিন্হাই অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে ৷ ইয়াৰ পাচত এলাহাবাদ উচ্চ ন্যায়ালয়ত 10 বছৰৰ বাবে অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰে তেওঁ ৷ একে সময়তে তেওঁ বহু বছৰ ধৰি দুখনকৈ বাতৰিকাকতৰ সম্পাদনাৰ দায়িত্বও পালন কৰে ৷
সংবিধান সভাৰ অন্তৱৰ্তীকালীন অধ্যক্ষ হিচাপে সিন্হা :
1946 চনত ব্ৰিটিছ সংসদে ভাৰতৰ স্বাধীনতাৰ কথা ঘোষণা কৰে ৷ সেই বৰ্ষৰে 9 ডিচেম্বৰত দেশৰ প্ৰতিটো অঞ্চলৰে নিৰ্বাচিত প্ৰতিনিধি সকলে দিল্লীৰ সংবিধান সভাত একগোট হয় ৷ ইয়াৰে অধিক সংখ্যক প্ৰতিনিধি স্বাধীনতা যুঁজাৰু আছিল ৷ সংবিধান সভাৰ আগত সেই সময়ৰ কংগ্ৰেছ সভাপতি আচাৰ্য জে. বি. কৃপালানীয়ে ড: সচ্চিদানন্দ সিন্হাৰ নাম অন্তৱৰ্তীকালীন অধ্যক্ষ পদৰ বাবে প্ৰস্তাৱ কৰে আৰু সকলোৰে সন্মতিত তেওঁ অন্তৱৰ্তীকালীন অধ্যক্ষ হিচাপে নিৰ্বাচিত হয় ৷ আমেৰিকা, চীন আৰু অষ্ট্ৰেলিয়া চৰকাৰৰ পৰা শুভ বাৰ্তা লাভ কৰাৰ পাচত সিন্হাই ভাৰতৰ বাবে এখন স্বতন্ত্ৰ আৰু স্বাধীন সংবিধান ৰচনা কৰিবৰ বাবে সমগ্ৰ বিশ্বৰ বিভিন্ন সাংবিধানিক ব্যৱস্থা আৰু ইয়াৰ বৈশিষ্ট সম্পৰ্কে আলোচনা কৰে ৷
খুদাবক্স পুথিভঁৰাল :
1894 চনত সচ্চিদানন্দ সিন্হাই অধিবক্তা খুদা বক্স খানৰ সৈতে মিলিত হয় আৰু এলাহাবাদ উচ্চ ন্যায়ালয়ত খানৰ সৈতে অধিবক্তা হিচাপে যোগদান কৰে ৷ 1891 চনৰ 29 অক্টোবৰত চাপৰাৰ খুদা বক্স খানে পাটনাত এটা পুথিভঁৰাল স্থাপন কৰে ৷ এই পুথিভঁৰালক ভাৰতৰ সৰ্বপ্ৰাচীন পুথিভঁৰালসমূহৰ অন্যতম বুলি গণ্য কৰা হয় ৷ হায়দৰাবাদৰ নিজামে উচ্চ ন্যায়ালয়লৈ ন্যায়াধীশ খানক বদলি কৰাৰ পাচতে 1894 চনৰ পৰা 1898 চনলৈ সিন্হাই পুথিভঁৰালটোৰ দায়িত্ব গ্ৰহণ কৰে ৷
বিহাৰক পশ্চিমবংগৰ পৰা পৃথকীকৰণ :
বিহাৰক পশ্চিমবংগৰ পৰা পৃথক কৰাৰ ক্ষেত্ৰত সচ্চিদানন্দ সিন্হাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ ইয়াৰ বাবে সাংবাদিকতাক তেওঁ সৰ্ববৃহৎ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে ৷ সেই সময়ত সম্পাদক গুৰু প্ৰসাদ সেনৰ নেতৃত্বত একমাত্ৰ বাতৰিকাকত 'বিহাৰ হেৰাল্ড' প্ৰচলিত হৈছিল ৷ সচ্চিদানন্দই ইংৰাজী ভাষাত 'দা বিহাৰ টাইমছ' নামৰ এখন বাতৰি প্ৰচলন কৰে আৰু পাচত এইখনৰ নাম 'বিহাৰী'লৈ পৰিৱৰ্তন কৰা হয় ৷ মহেশ নাৰায়ণৰ সৈতে সচ্চিদানন্দ সিন্হাই বহু বছৰ ধৰি এই বাতৰিকাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে ৷ এই বাতৰিকাকতৰ জৰিয়তে তেওঁ পৃথক বিহাৰৰ বাবে আন্দোলন আৰম্ভ কৰে ৷ বিহাৰৰ স্বাৰ্থত হিন্দু আৰু মুছলমানক একগোট হ'বলৈ তেওঁ অনুৰোধ কৰে ৷ তেওঁৰ নিৰন্তৰ প্ৰয়াসৰ ফলতে 1905 চনৰ 19 জুলাইত বিহাৰৰ পৃথকীকৰণ হয় ৷
লগতে পঢ়ক : ডিভাইড অসম 50-50ৰে উত্তাল কোকৰাঝাৰ
সিন্হা পুথিভঁৰাল :
1924 চনত মৃত পত্নী ৰাধিকা সিন্হাৰ স্মৃতিত ড: সচ্চিদানন্দ সিন্হাই সিন্হা পুথিভঁৰালৰ আধাৰশিলা স্থাপন কৰে ৷ সাধাৰণ লোকৰ মানসিক, বৌদ্ধিক আৰু শিক্ষা সম্বন্ধীয় বিকাশৰ বাবে এই পুথিভঁৰাল স্থাপন কৰে সিন্হাই ৷ 1926 চনৰ 10 মাৰ্চত পুথিভঁৰালৰ দায়িত্ব প্ৰদান কৰা হয় এটা ট্ৰাষ্টক ৷ এই ট্ৰাষ্টত সন্মানীয় মুখ্য ন্যায়াধীশ, মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, পাটনা বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ আৰু বহুকেইজন উচ্চপদস্থ ব্যক্তিক পুথিভঁৰালৰ জীৱনজোৰা সদস্য ঘোষণা কৰা হৈছিল ৷ এই পুথিভঁৰালৰ এজন কাৰ্যনিৰ্বাহকে কৈছিল, "লণ্ডনত বেৰিষ্টাৰ শিক্ষা গ্ৰহণৰ বাবে ড: চাহাব যাব বিচাৰিছিল ৷ কিন্তু তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক ইমান দূৰলৈ পঠাবলৈ সন্মতি প্ৰদান কৰা নাছিল ৷ অৱেশষত তেওঁ নিজ পিতৃ-মাতৃক সৈমান কৰি লণ্ডনলৈ ৰাওনা হৈছিল ৷ লণ্ডনৰ পৰা ঘূৰি আহিয়ে তেওঁ পৃথক বিহাৰ নিৰ্মান কৰিবৰ বাবে উঠি-পৰি লাগিছিল ৷"
লগতে পঢ়ক : অমৃতা গগৈ সহিতে মৰিয়নীত প্ৰতিঘাত কলা-কুশলীৰ প্ৰচাৰ অভিযান
6 মাৰ্চ, 1950 চন :
বিহাৰৰ পাটনাত 1950 চনৰ 6 মাৰ্চত বাৰ্ধক্যজনিত কাৰণত সিন্হাৰ পৰলোকপ্ৰাপ্তি ঘটে ৷ সিন্হাৰ মৃত্যুৰ কিছুদিন পূৰ্বে অধ্যক্ষ ৰাজেন্দ্ৰ প্ৰসাদে তিনিদিনৰ বাবে পাটনা ভ্ৰমণ কৰিছিল আৰু সেই ভ্ৰমণতে তেওঁ দুবাৰকৈ সিন্হাৰ সৈতে মিলিত হৈছিল ৷ এই ভ্ৰমণতে ৰাজেন্দ্ৰ প্ৰসাদে ড: সিন্হা আৰু তেওঁৰ পত্নী ৰাধিকা সিন্হাৰ চিত্ৰ উন্মোচন কৰিছিল ৷ কিন্তু সিন্হাৰ মৃত্যুৰ পাচত শ্ৰদ্ধাঞ্জলী অৰ্পন কৰি ৰাজেন্দ্ৰ প্ৰসাদে কৈছিল যে, ড: সিন্হা "এজন বিশিষ্ট বুদ্ধিজীৱী আৰু আধুনিক বিহাৰৰ পিতা ৷" সমাজকৰ্মী আনিশ অংকুৰে মন্তব্য কৰিছিল যে, ড: সচ্চিদানন্দ সিন্হাৰ বাবেই পৃথক বিহাৰৰ অস্তিত্ব সম্ভৱপৰ হৈ পৰিছিল ৷ সাংবাদিক আৰু লেখক অৰুণ সিঙে কৈছিল, ড: সচ্চিদানন্দ সিন্হাৰ জ্ঞানৰ পৰিসৰ অতুলনীয় আছিল বাবেই তেওঁক সংবিধান সভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছিল ৷ ইয়াৰোপৰি, দেশৰ সংবিধান ৰচনা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তেওঁ ৷ তেওঁ 1936 চনৰ পৰা 1944 চনলৈ পাটনা বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ তেওঁ উৰিষ্যা বিধানসভা পৰিষদৰো সদস্য হিচাপে নিৰ্বাচিত হৈছিল ৷ বিহাৰ আৰু উৰিষ্যা চৰকাৰৰ বিত্ত বিভাগৰ সদস্য হিচাপে দায়িত্বভাৰ প্ৰদান কৰা হৈছিল ড: সিন্হাক ৷ কোনো ৰাজ্যৰ বিত্তীয় সদস্য হিচাপে নিৰ্বাচিত হোৱা তেওঁ প্ৰথমজন ভাৰতীয় আছিল ৷