ETV Bharat / bharat

হাথৰছ কাণ্ডক লৈ কোনে চলাইছে ৰাজনীতি ? - বিশেষ টাস্ক ফ'ৰ্চ

সমগ্ৰ দেশ কঁপাই যোৱা হাথৰছ কাণ্ডৰ ঘটনাক ৰাজনীতিকৰণ কৰাৰ প্ৰয়াসেৰে একাংশই উচতনিমূলক মন্তব্যৰে বিষয়টোক অন্য এক দিশলৈ নিয়াৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে উত্তৰ প্ৰদেশত ৷ যাৰ পৰিপ্ৰেক্ষিতত উত্তৰ প্ৰদেশ চৰকাৰে এই ঘটনাৰ তদন্তৰ বাবে দায়িত্ব অৰ্পন কৰিছে ৰাজ্যৰ বিশেষ টাস্ক ফ'ৰ্চক ৷

STF visits the Victim Family Of Hathras incident
হাথৰছ কাণ্ডক লৈ কোনে চলাইছে ৰাজনীতি ?
author img

By

Published : Oct 27, 2020, 9:01 AM IST

হাথৰছ,27 অক্টোবৰঃ উত্তৰ প্ৰদেশ চৰকাৰৰ বিশেষ টাস্ক ফ'ৰ্চৰ এটা দলে সোমবাৰে সাক্ষাৎ কৰিলে হাথৰছ কাণ্ডৰ দুৰ্ভগীয়া পৰিয়ালক ৷ সমগ্ৰ দেশ কঁপাই যোৱা এই ঘটনাটোক ৰাজনীতিকৰণ কৰাৰ প্ৰয়াসেৰে একাংশই উচতনিমূলক মন্তব্যৰে বিষয়টোক অন্য এক দিশলৈ নিয়াৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে ৰাজ্যখনত ৷ এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, উক্ত ঘটনাটোক লৈ এগৰাকী শীৰ্ষ কংগ্ৰেছ নেতাই দিয়া ভাষ্য সন্দৰ্ভত দুৰ্ভগীয়া পৰিয়ালটোক সাক্ষাৎ কৰি বহুকেইটা প্ৰশ্ন কৰিলে টাস্ক ফ'ৰ্চৰ দলটোৱে ৷

উল্লেখ্য যে, এই ঘটনা সন্দৰ্ভত বিভিন্ন উচতনিমূলক ভাষ্যৰে জাতিগত সংঘৰ্ষ সৃষ্টি কৰা পক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে বিশেষ টাস্ক ফ'ৰ্চক দায়িত্ব অৰ্পন কৰিছে ৷ আনহাতে, উত্তৰ প্ৰদেশ আৰক্ষীয়ে এনে উচতনিমূলক মন্তব্য প্ৰদান কৰা পি এফ আই দলৰ 4জনকৈ লোকৰ বিৰুদ্ধে চলিত মাহৰ প্ৰথম সপ্তাহতে এটা গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়কঃমঙলবাৰে হ'ব ভাৰত-আমেৰিকাৰ তৃতীয়লানি 2+2 আন্তঃমন্ত্ৰী আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.