ETV Bharat / bharat

অন্ধ্ৰ প্ৰদেশৰ ৰাজভৱনৰ ষ্টাফ নাৰ্ছ কোভিড-১৯ত আক্ৰান্ত - কৰ'ণা ভাইৰাছ

অন্ধ্ৰ প্ৰদেশৰ ৰাজভৱনত থকা মেডিকেল টীমৰ এগৰাকী ষ্টাফ নাৰ্ছ আক্ৰান্ত হৈছে কোভিড-১৯ত । দেওবাৰে এই ঘটনা পোহৰলৈ অহাৰ সময়তে নাৰ্ছগৰাকীক এখন কোভিড-১৯ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

ষ্টাফ নাৰ্ছ কোভিড-১৯ত আক্ৰান্ত
ষ্টাফ নাৰ্ছ কোভিড-১৯ত আক্ৰান্ত
author img

By

Published : Apr 27, 2020, 12:25 PM IST

নিউজ ডেস্ক, ২৭ এপ্ৰিলঃ অন্ধ্ৰ প্ৰদেশৰ ৰাজভৱনত কৰ্মৰত এগৰাকী ষ্টাফ নাৰ্ছৰ দেহত দেওবাৰে ধৰা পৰে মাৰাত্মক কৰ'ণা ভাইৰাছৰ অৱস্থিতি । বিজয়ৱাড়াস্থিত ৰাজ্যপালৰ চৰকাৰী বাসগৃহৰ মেডিকেল টীমৰ সদস্যা আছিল মহিলাগৰাকী । বিশেষ সূত্ৰই প্ৰকাশ কৰিছে এই কথা । সূত্ৰটোৱে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰা অনুসৰি, ইতিমধ্যে মহিলাগৰাকীক কোভিড-১৯ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । আনহাতে বিজয়ৱাড়াৰ কেবাখনো আৰক্ষী চকীটো এই ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে । আৰক্ষী চকীত কৰ্মৰত বিষয়া তথা জোৱানৰ দেহটো এই ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে ।

কৃষ্ণা লংকা ভ্ৰমণ কৰে কৃষ্ণা জিলাৰ উপায়ুক্ত এ মহম্মদ ইমতিয়াজ আৰু বিজয়ৱাড়াৰ আৰক্ষী আয়ুক্ত চি. দ্বাৰকা তিৰুমলা ৰাওৱে । শনিবাৰে অঞ্চলটোত ২৪ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছিল । দুয়োগৰাকী বিষয়াই ৰাইজক লকডাউনৰ নিয়মসমূহ পালন কৰিবলৈ আহ্বান জনোৱাৰ লগতে নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনায় । কৃষ্ণা জিলাত এতিয়ালৈকে ১৭৭ টা কোভিড-১৯ৰ ঘটনা পোহৰলৈ আহিছে । ইয়াৰ ভিতৰত বিজয়ৱাড়াতে ১৫০ গৰাকী লোক চিনাক্ত কৰা হৈছে ।

ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী (স্বাস্থ্য) এ কে কে শ্ৰীনিৱাসে দেওবাৰে শ্ৰীকাকুলাম ভ্ৰমণ কৰে । জিলাখনত কোভিড-১৯ৰ ঘটনা পোহৰলৈ অহাৰ পিচতে এইদৰে সতৰ্কতা অৱলম্বন কৰাৰ লগতে ৰাইজৰ মাজত সজাগতাৰ বাবে ঠাইখিনি পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰী ৱাইএছ জগনমোহন ৰেড্ডীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে । কোভিড-১৯ সন্দৰ্ভত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক অৱগত কৰায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

প্ৰতি মিলিয়ন লোকৰ ভিতৰত ১২৭৪ গৰাকী লোকৰ পৰীক্ষণ সম্পন্ন কৰি অন্ধ্ৰ প্ৰদেশে দেশৰ ভিতৰতে প্ৰথমস্থানত আছে । ৰাজ্য চৰকাৰে কোভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা প্ৰতিগৰাকী লোকক ২০০০ টকাকৈ প্ৰদান কৰাৰ কথাও ঘোষণা কৰিছে । ইতিমধ্যে ৰাজ্যখনত ২৩১ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়কঃ প্ৰথম কোন আহিছিল ? মানুহ নে ভাইৰাছ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.