চিটাৰা ডেস্ক,২৬আগষ্টঃ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে CBIয়ে। বুধবাৰে DRDOৰ অতিথিশালাত উপস্থিত হয় CBIৰ বিশেষ তদন্তকাৰী দল। দলটোৱে পুনৰ সুশান্তৰ বন্ধু সিদ্ধাৰ্থ পিথানীক সোধ-পোচ কৰে। যোৱা সপ্তাহতো পিথানীক জেৰা চলাইছিল CBI য়ে।
উল্লেখ্য যে, ১৯ আগষ্টত উচ্চতম ন্যায়ালয়ে অভিনেতাজনৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰাৰ পিছৰে পৰা তদন্ত অব্যাহত ৰাখিছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে। ইতিমধ্যে মুম্বাই আৰক্ষীয়ে সুশান্তৰ মৃত্যুৰ ঘটনাৰে জড়িত সকলো নথি-পত্ৰ CBIক জমা দিছে। অভিনেতাজনৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে CBIয়ে ৪টা পৃথক দল গঠন কৰিছে ।
আটাইকেইটা দলে নিজৰ নিজৰ কাম সুচাৰুৰূপে চলাই আছে। সুশান্তৰ বেংক একাউণ্ট থকা ক'টাক মহিন্দ্ৰা বেংক কৰ্তৃপক্ষৰ লগতো বাৰ্তালাপ কৰিছে CBIৰ বিশেষ তদন্তকাৰী দলে । এই ক্ষেত্ৰত বেংক কৰ্তৃপক্ষই পূৰ্ণ সহযোগিতা আগবঢ়াইছে বুলি মন্তব্য কৰিছে বেংকৰ যোগাযোগৰক্ষাকাৰী বিষয়া ৰোহিত ৰাৱে।