ETV Bharat / bharat

সুশান্তৰ আত্মহত্যাৰ ঘটনা: DRDOৰ অতিথিশালাত উপস্থিত ৰিয়া - DRDO

সংবাদ মাধ্য়মৰে হোৱা সাক্ষাৎকাৰত আশ্চৰ্যজনকভাৱে বহু গোপন তথ্য মুকলিকৈ প্ৰকাশ কৰাৰ পিছত শনিবাৰে DRDOৰ অতিথিশালাত উপস্থিত হয় ৰিয়া চক্ৰৱৰ্তী। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ দায়িত্বত থকা CBIৰ দ্বিতীয়বাৰৰ সোধ-পোচৰ বাবে DRDOৰ অতিথিশালাত উপস্থিত হয় ৰিয়া।

সুশান্তৰ আত্মহত্যাৰ ঘটনা: DRDOৰ অতিথিশালাত উপস্থিত ৰিয়া

author img

By

Published : Aug 29, 2020, 3:54 PM IST

চিটাৰা ডেস্ক,২৯আগষ্ট: বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত দ্বিতীয়বাৰৰ বাবে ৰিয়া চক্ৰৱৰ্তীক সোধ-পোচ কৰে CBIয়ে । শুক্ৰবাৰে তদন্তকাৰী সংস্থাই ৰিয়াক ১০ ঘণ্টাৰ ধৰি জেৰা চলায়। সুশান্তৰ মৃত্যুৰ ঘটনাৰ মুখ্য অভিযুক্ত ৰিয়া দুপৰীয়া ১.৩০বজাত DRDOৰ অতিথিশালাত উপস্থিত হয়। প্ৰশ্নোত্তৰ কালত ৰিয়াক তদন্তকাৰী বিষয়াই সুশান্তৰ সৈতে থকা সম্পৰ্কৰ কথা সুধিছিল বুলি CBIৰ এক সূত্ৰই প্ৰকাশ কৰিছে। আৰক্ষী অধীক্ষক নুপুৰ প্ৰসাদৰ নেতৃত্বত CBIৰ বিশেষ তদন্তকাৰী দলে ৰিয়াৰ জবানবন্দি লয় । ৰিয়াৰ উপৰিও ৰিয়াৰ ভাতৃ শৌভিক চক্ৰৱৰ্তী, সুশান্তৰ ফ্লেটমেট সিদ্ধাৰ্থ পিথানি, সুশান্তৰ ৰান্ধনি নীৰজ সিং, কেশৱ বচ্চন শুক্ৰবাৰে DRDOৰ অতিথিশালাত উপস্থিত হৈছিল। উল্লেখ্য যে, যোৱা ১৪ জুনত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে CBIয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.