স্পৰ্টছ ডেস্ক, 20 আগষ্ট : ভাৰতীয় বলাৰ এছ. শ্ৰীশান্থৰ জীৱনজোৰা নিষেধাজ্ঞাক সাত বছৰলৈ হ্ৰাস কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) ৷ ক্ৰিকেট ব'ৰ্ডৰ লোকপাল ন্যায়াধীশ ডি.কে.জৈনে আগষ্টৰ 7 তাৰিখে এই নিৰ্দেশ প্ৰদান কৰিছিল যদিও মঙলবাৰেহে ইয়াৰ ঘোষণা কৰে ৷ ইয়াৰ ফলত শ্ৰীশান্থৰ নিষেধাজ্ঞা অহা বছৰৰ ছেপ্তেম্বৰৰ 13 তাৰিখে অন্ত পৰিব বুলি জানিব পৰা গৈছে ৷
![এছ. শ্ৰীশান্থৰ নিষেধাজ্ঞা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4191245_1.jpg)
এই নিষেধাজ্ঞা বাতিল কৰাৰ পাছতে শ্ৰীশান্থে মন্তব্য কৰে যে,এয়া পৰম আনন্দৰ সময় ৷ তেওঁ এতিয়াও ৰাষ্ট্ৰীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰিব বিচাৰে বুলি মন্তব্য কৰাৰ লগতে টেষ্ট মেচত 100 উইকেট দখল কৰাৰ লক্ষ্যৰে আগবাঢ়িছে বুলি জানিবলৈ দিয়ে ৷
উল্লেখ্য যে, শ্ৰীশান্থে প্ৰায় 6 বছৰ ধৰি এই নিষেধাজ্ঞাৰ সন্মুখীন হৈ আহিছিল ৷ ইয়াৰ ফলত কোনো ধৰণৰ ক্ৰিকেটত অংশগ্ৰহণ কৰাৰ লগতে কোনো অনুষ্ঠানতে উপস্থিত থকাৰ পৰা বিৰত থাকিবলৈ ক্ৰিকেটাৰ গৰাকীক নিৰ্দেশ দিছিল বিচিচিআইয়ে ৷
শ্ৰীশান্থ আৰু তেওঁৰ ৰাজস্থান ৰয়েলছৰ সতীৰ্থ অজিত ছণ্ডিলা আৰু অংকিত ছৱনক 2013 চনৰ আগষ্ট মাহত বিচিচিআইয়ে আইপিএলত মেচ ফিক্সিঙৰ অভিযোগত জীৱনজোৰা নিষেধাজ্ঞা প্ৰদান কৰিছিল ৷ বিচিচিআইয়ে শ্ৰীশান্থক দোষী সাব্যস্ত কৰাৰ পাছতে তেওঁ কেৰালা উচ্চ ন্যায়ালয়ত ইয়াৰ বিৰুদ্ধে আপীল কৰিছিল আৰু ন্যায়ালয়ে তেওঁক নিৰ্দোষী বুলি বিচাৰ প্ৰদান কৰে ৷ ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপে ভাৰতীয় বেগী বলাৰ গৰাকী ৷ এই বছৰৰ 15 মাৰ্চত উচ্চতম ন্যায়ালয়ে তেওঁক প্ৰদান কৰা জীৱনজোৰা নিষেধাজ্ঞা বাতিল কৰে আৰু বিচিচিআইক তিনি মাহৰ ভিতৰত খেলুৱৈজনৰ আবেদনৰ পুনৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷