নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ স্পাইছজেটৰ কৰ্মচাৰীসকলক মুঠ ৯২ শতাংশ দৰমহা পৰিশোধ কৰিব বিমান সেৱা প্ৰতিষ্ঠানটোৱে । কৰ্মচাৰীসকলৰ কৰ্মৰ সময়ৰ ভিত্তিতহে দৰমহা প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে স্পাইছজেটে ।
বিমান প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলৰ আৱশ্য়কতা পূৰ্ণ কৰাৰ উদ্দেশ্য এই উপায় অৱলম্বন কৰে বুলি মন্তব্য কৰে । যাৰ বাবে কৰ্মচাৰীসকলৰ কামৰ সময়সীমা তথা ঘণ্টাৰ ওপৰত নিৰ্ভৰ কৰিহে ১ মে'ত দৰমহা প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে স্পাইছজেটৰ বিষয়ববীয়াই ।
আনহাতে, লক ডাউন শেষ হোৱা পাচত বিমান সেৱা আৰম্ভ হ'লে পূৰ্বৰ দৰেই কৰ্মচাৰীসকলক দৰমহা প্ৰদান কৰা হ'ব বুলি সদৰী কৰে বিমান সেৱা প্ৰতিষ্ঠানটোৱে । লগতে কৰ্মচাৰীসকলৰ ভাট্টা সন্দৰ্ভত চিন্তা-চৰ্চা কৰিব বুলি মন্তব্য কৰে স্পাইছজেটৰ বিষয়ববীয়াই ।
তাৰ বিপৰীতে স্পাইছজেটৰ বিমান চালকসকলৰ এপ্ৰিল আৰু মে' মাহৰ দৰমহা কৰ্তন কৰিব বুলিও উল্লেখ কৰে । ২৫ মাৰ্চ তথা লক ডাউনৰ পাচত যিসকল বিমান চালকে কাৰ্গো বিমান উৰুৱাইছি সেইসকল বিমান চালকেহে দৰমহা লাভ কৰিব বুলি সদৰী কৰে প্ৰতিষ্টানটোৰ উচ্চ পদস্থ বিষয়ববীয়াই ।