ETV Bharat / bharat

’২১ অৰ ফেব্ৰুৱাৰীত ৰাজ্য সভাৰ কাৰ্যকাল শেষ হ’বলৈ ওলোৱা আজাদৰ ৰাজনৈতিক ভৱিষ্যতৰ গুণাগথা

author img

By

Published : Sep 1, 2020, 7:50 PM IST

ৰাজ্য সভাত বিপক্ষৰ নেতা গোলাম নবী আজাদৰ ভৱিষ্যতৰ ভূমিকা সম্পৰ্কে দলৰ ভিতৰ চ’ৰাত নানা জল্পনা কল্পনা চলিবলৈ আৰম্ভ হৈছে ৷ ২০২১ চনৰ ১৫ ফেব্ৰুৱাৰীত আজাদৰ পঞ্চম ৰাজ্যসভা কাৰ্যকালৰ অন্ত পৰিব আৰু এইবাৰ দলীয় ব্যৱস্থাপক সকলৰ বাবে তেওঁক পুনৰবাৰ সংসদৰ উচ্চ সদনলৈ নিৰ্বাচিত কৰি লৈ যোৱাটো প্ৰায় অসম্ভৱ হ’ব ৷

ghulam nabi azad
ghulam nabi azad

নতুন দিল্লী, ২৯ আগষ্ট : ২৩ গৰাকী দিগ্বজ নেতাই এখন অসন্মতিসূচক পত্ৰ প্ৰেৰণ কৰাৰ কিছু দিনৰ পাচতেই কংগ্ৰেছত খলকনিৰ সৃষ্টি হৈছিল ৷ লগে লগে ৰাজ্য সভাত বিপক্ষৰ নেতা গোলাম নবী আজাদৰ ভৱিষ্যতৰ ভূমিকা সম্পৰ্কে দলৰ ভিতৰ চ’ৰাত নানান জল্পনা কল্পনা চলিবলৈ আৰম্ভ হৈছে ৷ ২০২১ চনৰ ১৫ ফেব্ৰুৱাৰীত আজাদৰ পঞ্চম ৰাজ্যসভা কাৰ্যকালৰ অন্ত পৰিব আৰু এইবাৰ দলীয় ব্যৱস্থাপক সকলৰ বাবে তেওঁক পুনৰবাৰ সংসদৰ উচ্চ সদনলৈ নিৰ্বাচিত কৰি লৈ যোৱাটো প্ৰায় অসম্ভৱ হ’ব ৷ পণ্ডিচেৰীত কিছু আশা আছে কিয়নো এ আই এ ডি এম কেৰ গকুলকৃষ্ণনে প্ৰতিনিধিত্ব কৰা আসনখন খালি হ’ব ২০২১ চনৰ অক্টোবৰত ৷ কিন্তু অহা বছৰৰ মে’ মাহত কংগ্ৰেছ দল পুনৰবাৰ শাসনলৈ ঘূৰি আহিলেহে এই সুবিধাৰ সুযোগ ল’ব পৰা যাব ৷

ইয়াৰ স্পষ্ট অৰ্থ হ’ল যে আজাদে ২০২২ চনৰ মাৰ্চত অনুষ্ঠিত হ’ব লগা ৰাজ্য সভাৰ পৰৱৰ্তী পৰ্যায়ৰ নিৰ্বাচন পৰ্যন্ত বাট চাব লাগিব আৰু যদিহে কোনো উপযুক্ত আসন খালি থাকি যায় তেতিয়াহে উচ্চ সদনলৈ পুনৰ প্ৰৱেশৰ সুবিধা পাব ৷ কিন্তু সূত্ৰত প্ৰকাশ যে ইয়াৰ আশা তেনেই ক্ষীণ ৷ ৰাজ্য সভাত আজাদে ভূতপূৰ্ব ৰাজ্য জন্মু-কাশ্মীৰক প্ৰতিনিধিত্ব কৰে ৷ উল্লেখ্য যে ২০১৯ চনত লাডাখ সহিতে জন্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰ্যবসিত কৰা হয় ৷ যদিও প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভৱিষ্যতে কেন্দ্ৰীয় শাসিত অঞ্চল জন্মু-কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিষয়ে স্পষ্ট কৰি দিছে ৷ তথাপি কিন্তু ২০২১ চনৰ মাৰ্চত সমষ্টিসমূহৰ সীমাংকন সম্পূৰ্ণ হৈ উঠাৰ পাচতহে ই সম্ভৱ হৈ উঠিব ৷

আমোদজনক কথাটো হ’ল যে ২০১৫ চনত আজাদ পুনৰ বাৰ ৰাজ্য সভালৈ নিৰ্বাচিত হোৱাৰ সময়ত চতুৰ ৰাজনীতিবিদজনে নেশ্বনেল কন্‌ফাৰেঞ্চৰ আইন প্ৰণেতাসকলৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হোৱাৰ বাবে যথেষ্ট কৌতুহলৰ সৃষ্টি হৈছিল ৷ কেন্দ্ৰীয় শাসিত অঞ্চল জন্মু-কাশ্মীৰত জিকাৰ কোনো প্ৰশ্নই নুঠে ৷ আনকি, কংগ্ৰেছ দলৰ ব্যৱস্থাপক সকলৰ বাবে তেওঁক পুনৰাই যিকোনো ৰাজ্য এখনৰ পৰাই নিৰ্বাচিত কৰি অনাটো পৰ্বত প্ৰমাণ কাম হ’ব ৷ বৰ্তমান কংগ্ৰেছ দলে পাঞ্জাৱ, ৰাজস্থান আৰু ছত্তীশগড়ত শাসন কৰি আছে, য’ৰ পৰা ৰাজ্য সভালৈ প্ৰতিনিধিসকল নিৰ্বাচিত হৈ আহিছে ৷ আন আন ৰাজ্যসমূহ হ’ল কৰ্ণাটক, মধ্য প্ৰদেশ আৰু গুজৰাট; য’ত কংগ্ৰেছ দল এক বুজন সংখ্যক সাংসদেৰে বিৰোধী দলৰ ভূমিকাত আছে ৷ কিন্তু এই ৰাজ্যকেইখনৰ পৰাও উচ্চ সদনলৈ প্ৰতিনিধি নিৰ্বাচিত হৈ আছে ৷

যিহেতু মহাৰাষ্ট্ৰৰ ৰাজ্য সভাৰ নিৰ্বাচনো সম্পন্ন হ’ল, সেয়ে পশ্চিমৰ ৰাজ্যখনতো কোনো ধৰণৰ আশা নাই ৷ উল্লেখ্য যে কংগ্ৰেছ দল মহাৰাষ্ট্ৰত শিৱ সেনা-এন চি পি-কংগ্ৰেছ জোটবন্ধনৰ এক অংশ ৷ যদিও উচ্চ সদনলৈ আজাদৰ প্ৰত্যাবৰ্তনৰ বিষয়ে চলি থকা গুণাগথা আৰু অসন্তুষ্টসকলৰ তালিকাত তেওঁৰ নাম প্ৰমূখভাৱে অন্তৰ্ভুক্ত কৰা তথ্যৰ মাজত কোনো স্পষ্ট সংযোগ নাই; তথাপি, দলৰ অন্তঃমহলৰ কেইজনমানে জানিবলৈ দিয়া মতে ৰাজ্য সভাৰ সদস্যপদ আৰু বিপক্ষৰ নেতা হৈ থকাৰ যি সন্মান সেইয়া অহা বছৰৰ ফেব্ৰুৱাৰী মাহত এবাৰ হেৰোৱাৰ পাচত সুচতুৰ ৰাজনীতিবিদজনৰ বাবে ৰাজনৈতিক অভিযাত্ৰা বৰ সহজ হৈ নাথাকিব ৷

তেতিয়া হয়তো আজাদক, সম্ভৱত, ২০১৯ চনত তেওঁ পোৱা এ আই চি চিৰ হাৰিয়ানাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত কৰোৱা হ’ব ৷ ইয়াৰ পূৰ্ৱে আজাদক ২০১৭ চনৰ বিধান সভা নিৰ্বাচনৰ আগে আগে দলক পুনৰুজ্জীৱিত কৰিবলৈ ৰাজনৈতিক দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ ৰাজ্য উত্তৰ প্ৰদেশৰ এ আই চি চিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছিল ৷ তেওঁৰ কাৰ্যকালত কংগ্ৰেছ দলে সমাজবাদী দলৰ সৈতে জোটবন্ধন বান্ধিবলৈ সিদ্ধান্ত লয় ৷ দলীয় ৰণনীতিক সকলৰ মতে ই এক ধ্বংসাত্মক সিদ্ধান্ত আছিল ৷

অলপতে, উত্তৰ প্ৰদেশৰ কংগ্ৰেছ দলৰ প্ৰাক্তন প্ৰমূখ নিৰ্মল খাট্ৰিয়ে ২০১৭ চনৰ নিৰ্বাচনত দলৰ শোচনীয় প্ৰদৰ্শনৰ কথা সোঁৱৰাই দি অসন্তুষ্টি পত্ৰখনৰ বিষয়ত আজাদক ভৎসৰ্না শুনাই ৷ উত্তৰ প্ৰদেশৰ আন এজন গোটৰ নেতা নচিব পাঠানে এই বিষয়টোৰ সংক্ৰান্তত আজাদক ক্ষমতাচ্যুত কৰাৰ দাবী জনাইছে ৷

দলৰ আভ্যন্তৰীণ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে স্বয়ং কংগ্ৰেছৰ সভাপতি পদৰ পৰা আৰম্ভ কৰি জিলা পৰ্যায়লৈকে আভ্যন্তৰীণ নিৰ্বাচন দাবী কৰা সকলৰ পিচত তেওঁৰ ওজন বৰ্তাই ৰখাতো সহজ নহ’বও পাৰে ৷

সাম্প্ৰতিক, কংগ্ৰেছৰ অন্তৰৱৰ্তী কালিন প্ৰধান, ছোনিয়া গান্ধী আৰু প্ৰাক্তন প্ৰধান, ৰাহুল গান্ধী হয়তো প্ৰেক্ষাপটলৈ আহিব পাৰে আৰু আজাদক এই বুলি আশ্বাস দিব পাৰে যে তেওঁৰ দাৰা উত্থাপিত বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব ৷

কিন্তু অদূৰ ভৱিষ্যতে এ আই চি চিত হোৱা যিকোনো ধৰণৰ সামান্য ৰদবদলত হাৰিয়ানাৰ দায়িত্ব প্ৰাপ্তজন ছোনিয়া-ৰাহুলৰ আনুগত্য হোৱাৰ সম্ভাৱনা আছে ৷ কিয়নো অৱিনাশ পাণ্ডেৰ ঠাইত ৰাহুল গান্ধীৰ ঘনিষ্ঠ অজয় মাকেনক অকস্মাতে ৰাজস্থানৰ এ আই চি চিৰ দায়িত্বভাৰ দিয়া হৈছিল ৷ জুলাইত মাকেনৰ অধীনতো দলটোৱে আন এক অসন্তুষ্টিৰ সন্মুখীন হৈছিল ৷ দলৰ ভিতৰচ’ৰাত বিতৰ্কৰ সৃষ্টি কৰি থকা আন এটা বিষয় হ’ল, ৰাজ্য সভাত বিপক্ষৰ নেতা হিচাপে আজাদৰ ঠাই কোনে পূৰাব ৷

স্বাভাৱিকতে পদটো বহু বছৰ ধৰি আজাদৰ সহায়ক হিচাপে ভূমিকা পালন কৰি অহা আনন্দ শৰ্মাই পাব লাগে আৰু তেওঁৱেই এই প্ৰমূখ সংসদীয় পদটোৰ স্বাভাৱিক দাবীদাৰ ৷ যি নহওক, কিন্তু সত্যটো হ’ল; অসন্তুষ্টি পত্ৰত স্বাক্ষৰ কৰা সকলৰ ভিতৰত শৰ্মাও এজন ৷ যাৰ বাবে তেওঁৰ পদোন্নতিৰ সুযোগ সীমিত হৈ পৰা পৰিলক্ষিত হৈছে, দলৰ আভ্যন্তৰৰ খবৰ ৰখাসকলে এইদৰে কয় ৷ উল্লেখ্য যে শৰ্মাৰ ৰাজ্য সভাৰ কাৰ্যকাল ২০২২ অৰ এপ্ৰিলত অন্ত পৰিব ৷

দলৰ ব্যৱস্থাপকসকলে বিষয়টোৰ সন্দৰ্ভত তথ্য প্ৰকাশ কৰিবলৈ অনিচ্ছুক যদিও দলৰ ভিতৰ চৰাত এই বৰ্ষত উচ্চ সদনলৈ নিৰ্বাচিত হোৱা কৰ্ণাটকৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গেৰ নাম অনানুষ্ঠানিকভাৱে আলোচিত হোৱা বুলি জানিব পৰা গৈছে ৷ তেওঁ এজন সদস্য হিচাপে ২০২৬ চনলৈকে সেৱা আবঢ়াব ৷

সত্যটো হ’ল যে ছোনিয়াৰ অনুগত্য খৰ্গেৰ নাম অসন্তুষ্টসকলৰ তালিকাত অন্তৰ্ভুক্ত নথকাৰ সুবাদত পদটোৰ বাবে নেতাগৰাকীৰ, যি ইউ পি এ চৰকাৰৰ সময়ত এজন মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ কৰাৰ উপৰিও নৱম বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল, তথা দুটা কাৰ্যকালৰ বাবে লোক সভাৰ সদস্য হোৱা দলিত শ্ৰেণীৰ নেতাগৰাকী প্ৰাৰ্থীত্বত কিছু পৰিমাণে ওজন বঢ়াব ৷

লেখক : অমিত অগ্নিহোত্ৰী

লগতে পঢ়ক : আজিৰে পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সচেতনতামূলক কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.