গুৱাহাটী, 12 মে' : বহিঃৰাজ্যত আৱদ্ধ অসমৰ লোকসকলক উভতাই অনাৰ বাবে চৰকাৰে আৰম্ভ কৰিছে বিশেষ শ্ৰমিক ৰে'ল সেৱা ৷
ইতিমধ্যেই চেন্নাইৰ পৰা 1000 যাত্ৰীলৈ ৰে'লখন গুৱাহাটী অভিমুখী ৰাওনা হৈছে । অহা 14 মে' গুৱাহাটী আহি পাব অসম চৰকাৰৰ তত্ত্বাৱধানত চলোৱা এই শ্ৰমিক ৰে'লখন ৷
উল্লেখযোগ্য যে, বহিঃৰাজ্যত আৱদ্ধ লোকসকলক উভতাই অনাৰ বাবে এই সেৱা আৰম্ভ কৰা হৈছে ৷
আৱদ্ধ লোকসকলক উভতাই অনাৰ বাবে আইন শৃংখলাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছিল চৰকাৰে । এই কমিটিখনে সকলো দিশ পৰ্যৱেক্ষণ তথা বিভিন্ন যাত্ৰীৰ আবেদনৰ ভিত্তিত প্ৰথমখন ৰে'ল চলোৱাৰ সিদ্ধান্ত লৈছে ।
এই শ্ৰমিক ৰে'লত কেৱল চৰকাৰে অনুমতি দিয়া লোকহে আহিব পাৰিব বুলি পাৰিব বুলি উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : মাজুলীৰ ভৌগলিক সুৰক্ষাৰ বাবে অভিনৱ পদক্ষেপ !