ETV Bharat / bharat

হাথৰসৰ গণধৰ্ষণ : বাল্মিকীৰ বাসগৃহত সমাজবাদী পাৰ্টীৰ প্ৰতিনিধি দল - উত্তৰ প্ৰদেশ

উত্তৰ প্ৰদেশৰ হাথৰসত গণধৰ্ষণৰ বলি হৈ কৰুণ মৃত্যুক সাৱতিব লগীয়া হোৱা যুৱতীগৰাকীৰ বাসগৃহলৈ বাট বুলিছে ইটোৰ পিছত সিটো ৰাজনৈতিক দলে । কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ পিছত এইবাৰ নিৰ্যাতিতা যুৱতীৰ পৰিয়ালৰে সাক্ষাৎ সমাজবাদী পাৰ্টীৰ প্ৰতিনিধি দলৰ । নিৰ্যাতিতা যুৱতীৰ ন্যায়িক যুঁজত সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিলে প্ৰতিনিধিৰ দলে ।

হাথৰসৰ গণধৰ্ষণ: নিৰ্যাতিতা যুৱতীৰ বাসগৃহত সমাজবাদী পাৰ্টীৰ প্ৰতিনিধিৰ দল

author img

By

Published : Oct 5, 2020, 12:56 PM IST

নেশ্যনেল ডেস্ক, ৫অক্টোবৰ: উত্তৰ প্ৰদেশৰ হাথৰসত গণধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীৰ পৰিয়ালৰে দেওবাৰে সাক্ষাৎ কৰিলে সমাজবাদী পাৰ্টীৰ প্ৰতিনিধিৰ দলে । ন্যায় লাভৰ অপেক্ষাত থকা দুৰ্ভগীয়া পৰিয়ালটোক পাৰ্যমানে সহায় কৰাৰ আশ্বাস প্ৰদান কৰে প্ৰতিনিধিৰ দলটোৱে । ইয়াৰ পূৰ্বে দলটোৰ শীৰ্ষনেতাক যুৱতীগৰাকীৰ পৰিয়ালৰে সাক্ষাৎ কৰিবলৈ আহি থাকোঁতে চৰকাৰী বিষয়াই আগ্ৰাৰ সমীপৰ এটা টোল গে'টত বাধা প্ৰদান কৰিছিল বুলি টুইটযোগে অভিযোগ উত্থাপন কৰে দলৰ নেতৃত্বই ।

টুইটত উল্লেখ কৰা হৈছে যে, বলপূৰ্বকভাৱে বাধা প্ৰদান কৰা এই কাৰ্য গণতন্ত্ৰৰ মৃত্যুক সূচাইছে । নিৰ্যাতিতা যুৱতীগৰাকীৰ ন্যায়িক যুঁজত পৰিয়ালৰ সৈতে সমাজবাদী পাৰ্টী সদায়ে থাকিব বুলি টুইটত লিখিছে । সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেষ যাদৱে শনিবাৰে দলটোৰ ৰাজ্যিক গোটৰ প্ৰমুখ উত্তম পেটেলৰ নেতৃত্বত 11 জনীয়া দলৰ গঠন কৰে আৰু নিৰ্যাতিতা যুৱতীগৰাকীৰ পৰিয়ালৰে সাক্ষাৎ কৰাৰ নিৰ্দেশ দিয়ে । দেওবাৰে যুৱতীগৰাকীৰ পৰিয়ালৰে আলোচনা কৰাৰ পিছতে টুইটযোগে এই কথা প্ৰকাশ কৰে দলটোৱে ।

  • हाथरस के बूलगढ़ी गांव में मृत बेटी के शोकाकुल परिवार से संवेदना जताने जा रहे सपा के प्रतनिधिमंडल को आगरा के खंदौली टोल पर सरकार के इशारे पर पुलिस के द्वारा जबरन रोकना लोकतंत्र की हत्या है।

    पीड़ित परिवार के न्याय संघर्ष में कंधे से कंधा मिला साथ खड़े हैं समाजवादी। #Hathras pic.twitter.com/1CC8OHMlvt

    — Samajwadi Party (@samajwadiparty) October 4, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

সমাজবাদী পাৰ্টীৰ প্ৰতিনিধিৰ দলটোৱে দুৰ্ভগীয়া পৰিয়ালটোৰ সকলো চৰ্ত মানি লয় । উল্লেখ্য যে, ৰাষ্ট্ৰীয় লোকদলে অভিযোগ উত্থাপন কৰিছে যে, হাথৰস অভিমুখে আহি থকা অৱস্থাত দলটোৰ উপাধ্যক্ষ জয়ন্ত চৌধুৰী আৰু আন কৰ্মকৰ্তাৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰে । আৰক্ষীৰ এনে কাৰ্যৰ সমালোচনা কৰি অধ্যক্ষ মছুদ আহমেদে কয় যে, বিজেপিয়ে কণ্ঠ ৰুদ্ধ কৰাৰ চেষ্টা কৰিছে । আনহাতে, আৰক্ষীয়ে স্থাপন কৰা বেৰিকেড বলপূৰ্বকভাৱে ভাঙি ৰাস্তা উলিয়াবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে সামান্য হেঁচা প্ৰয়োগ কৰে বুলি মত প্ৰকাশ কৰে অতিৰিক্ত আৰক্ষী আয়ুক্ত প্ৰশান্ত কুমাৰে ৷

লগতে পঢ়ক : ভাৰত-ম্যানমাৰৰ আলোচনাৰ মাজতেই বৃদ্ধি বিদ্ৰোহী সংগঠনৰ কাৰ্যকলাপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.