ETV Bharat / bharat

বিশিষ্ট সংগীত শিল্পী এছ. পি. বালাসুব্ৰমনিয়ামৰ দেহাৱসান

author img

By

Published : Sep 25, 2020, 1:31 PM IST

Updated : Sep 25, 2020, 2:16 PM IST

ক'ভিডত আক্ৰান্ত হৈ মৃত্যু বালাসুব্ৰমনিয়ামৰ
বিশিষ্ট সংগীত শিল্পী এছ. পি. বালাসুব্ৰমনিয়ামৰ দেহাৱসান

13:28 September 25

ক'ভিডত আক্ৰান্ত হৈ মৃত্যু বালাসুব্ৰমনিয়ামৰ

নেশ্যনেল ডেস্ক, 25 ছেপ্তেম্বৰ : বিশিষ্ট সংগীত শিল্পী এছ. পি. বালাসুব্ৰমনিয়ামে আজি চেন্নাইৰ এমজিএম হেল্থকেয়াৰত শেষ নিশ্বাস ত্যাগ কৰে ৷ উল্লেখ্য যে, 74 বৰ্ষীয় সংগীত শিল্পীগৰাকী ক'ভিড-19 ত আক্ৰান্ত হোৱা বাবে 5 আগষ্টত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ ইয়াৰ পাচতে অধিক গুৰুতৰ হৈ পৰিছিল সুব্ৰমনিয়ামৰ স্বাস্থ্য ৷  

5 আগষ্টৰ দিনা সংগীত শিল্পীগৰাকীয়ে নিজৰ ফেচবুক পেজৰ জৰিয়তে এক ভিডিঅ' পোষ্ট কৰি অনুৰাগী সকলক ক'ভিডত আক্ৰান্ত হোৱা বুলি জনাইছিল ৷ ভিডিঅ'ত তেওঁ উল্লেখ কৰিছিল যে, তেওঁ চেন্নাইস্থিত এখন ব্যক্তিগত হাস্পতালত চিকিৎসা গ্ৰহণ কৰি আছে ৷ কিন্তু যোৱা সপ্তাহত তেওঁৰ স্বাস্থ্যৰ অৱস্থা অধিক গুৰুতৰ হৈ পৰে আৰু তেওঁক আই চি ইউত ভৰ্তি কৰোৱা হয় ৷  

20 আগষ্টৰ দিনা সুব্ৰমনিয়ামৰ স্বাস্থ্যৰ উন্নতিৰ বাবে সাধাৰণ ৰাইজৰ পৰা মনোৰঞ্জন জগতৰ তাৰকাসকলে প্ৰাৰ্থনা জনাইছিল ৷ তেলেগু, তামিল, কান্নাড়া, হিন্দী আৰু মালায়ালাম ছবিলৈ হাজাৰোধিক গীত উপহাৰ দিয়া সুব্ৰমনিয়ামৰ মৃত্যু ভাৰতৰ সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি ৷ 

লগতে পঢ়ক : থোৰতে এচ. পি. বালাসুব্ৰমনিয়ামৰ জীৱন পৰিক্ৰমা

Last Updated : Sep 25, 2020, 2:16 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.