ETV Bharat / bharat

কেৰালাত বৰ্ষাৰ আগমণ

author img

By

Published : Jun 1, 2020, 4:10 PM IST

কেৰালাৰ পাছতে বিভিন্ন ৰাজ্যলৈ আগমণ হ’ব বৰ্ষাৰ ৷

Southwest monsoon makes onset in Kerala: IMD
কেৰালাত বৰ্ষাৰ আগমণ

নতুন দিল্লী, ১ জুনঃ কেৰালাত আগমণ হ'ল বৰ্ষাৰ । প্ৰায় দুমাহজোৰা অত্যন্ত গৰমৰ অন্তত কেৰালাত অৱশেষত প্ৰৱেশ কৰিলে দক্ষিণ-পশ্চিম ঘূৰ্ণীবতাহে । ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰে প্ৰকাশ কৰে এই তথ্য । কেৰালাৰ পাছতে দেশৰ বিভিন্ন ৰাজ্যলৈ আগমণ হ’ব বৰ্ষাৰ ।

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মহানিৰ্দেশক মৃত্যুঞ্জয় মহাপাত্ৰই বৰ্ষাৰ আগমণ কথা উল্লেখ কৰি ছেপ্টেম্বৰলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে । মৃত্যুঞ্জয় মহাপাত্ৰই উল্লেখ কৰা অনুসৰি জুনৰ পৰা ছেপ্টেম্বৰলৈ চাৰি মাহত ৭৫ শতাংশ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, কেৰালাত প্ৰতি বছৰে ১ জুনত বৰ্ষাৰ আগমণ হয় । চলিত বৰ্ষত কেৰালাত কিছু পলমকৈ বৰ্ষাৰ আগমণ হ’ব বুলি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই সম্ভাৱনা ব্যক্ত কৰিছিল । কিন্তু ফ'ৰকাষ্টাৰ স্কাইমেট ৱেদাৰ নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানে ৩০ মে'ত বৰ্ষাকাল আগমণৰ কথা উল্লেখ কৰিছিল যদিও ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই অন্য স্থিতিহে গ্ৰহণ কৰিছিল ।

লগতে পঢ়কঃ মডেল বিটিচি গঢ়াৰ নামত বিপিএফে দুৰ্নীতি কৰিছে: প্ৰমোদ বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.