ETV Bharat / bharat

সম্প্ৰতি সুস্থ সৌৰভ গাংগুলী,আন এটি এঞ্জিঅ’প্লাষ্টি কৰাৰ সম্ভাৱনা - সৌৰভ গাংগুলী হৃদৰোগ

শনিবাৰে হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছিল বিচিচিআইৰ সভাপতি তথা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী ৷ বৰ্তমান তেওঁ সংকটমুক্ত বুলি জানিবলৈ দিছে হাস্পতাল কৰ্তৃপক্ষই ৷

Sourav Ganguly stable, decision on further angioplasty soon
সম্প্ৰতি সুস্থ সৌৰভ গাংগুলী
author img

By

Published : Jan 4, 2021, 9:46 AM IST

স্পৰ্টছ ডেস্ক,4 জানুৱাৰী: বৰ্তমান সংকটমুক্ত বিচিচিআইৰ সভাপতি তথা ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী ৷ শনিবাৰে হৃদৰোগত আক্ৰান্ত হৈছিল প্ৰাক্তন ক্ৰিকেটাৰ গৰাকী ৷ তেখেতৰ হৃদযন্ত্ৰত তিনিটাকৈ কৰ্ণাৰী আৰ্টেৰিছ ব্লক ধৰা পৰাৰ পিছতেই এঞ্জিঅ’প্লাষ্টি কৰা হৈছিল ৷

গাংগুলীক ভৰ্তি কৰোৱা হাস্পতালখনে এক ব্যক্তিগত বিবৃতিত কয়, "বিগত নিশা তেওঁ কিছু অস্বস্তিত পাৰ কৰে যদিও বৰ্তমান তেওঁৰ জ্বৰ হোৱা নাই ৷ সম্প্ৰতি তেওঁ শুই আছে ৷ তেওঁৰ ৰক্তচাপ 110/70 আৰু দেহত অক্সিজেনৰ মাত্ৰা 98 শতাংশ ৷"

চিকিৎসকৰ দলে খেলুৱৈগৰাকীৰ স্বাস্থ্য পৰিস্থিতি পৰ্যবেক্ষণ কৰি আন এটি এঞ্জিঅ’প্লাষ্টি কৰাৰ কথা চিন্তা-চৰ্চা কৰিছে ৷ সাংবাদিকৰ এটি প্ৰশ্নত চিকিৎসা বোৰ্ডে বাইপাছ চাৰ্জাৰীৰ কথা চিন্তা কৰা নাই বুলি জনায় চিকিৎসালয়খনৰ অধ্যক্ষই ৷ ইয়াৰ উপৰিও নিত্য ইচিজি সম্পন্ন কৰাৰ লগতে তেখেতৰ দেহৰ পৰা অক্সিজেনৰ সহায়ো আঁতৰাই ৰখা হৈছে ৷

খেলুৱৈগৰাকীয়ে পুৱাৰ আহাৰ খোৱাৰ লগতে বাতৰি কাকত পঢ়া, চিকিৎসা কৰ্মীৰে কথা-বতৰা পতা আদি কামসমূহ কৰি থকা বুলি জনায় চিকিৎসালয় কৰ্তৃপক্ষই ৷ আনহাতে, শনিবাৰৰে পৰা চিকিৎসালয়ৰ বাহিৰত নিজৰ প্ৰিয় খেলুৱৈগৰাকীৰ সু-স্বাস্থ্য কামনা কৰি ভিৰ কৰা পৰিলক্ষিত হৈছে অনুৰাগীয়ে ৷

লগতে পঢ়ক-ভাৰতৰ বিৰুদ্ধে তৃতীয়খন টেষ্টৰ পৰা বাদ পৰিল জেমচ পেটিনচন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.