ETV Bharat / bharat

চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হ'ল ছোনিয়া গান্ধীক

author img

By

Published : Aug 2, 2020, 4:41 PM IST

কংগ্ৰেছৰ অন্তৰ্ৱতীকালীন সভানেত্ৰী ছোনিয়া গান্ধীক দেওবাৰে নতুন দিল্লীস্থ গঙ্গাৰাম হাস্পতালৰ পৰা অব্যাহতি দিয়া হয় । বৰ্তমান কংগ্ৰেছ নেত্ৰী গৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে । চিকিৎসালয় কতৃপক্ষই জানিবলৈ দিয়া মতে, স্বাস্থ্যৰ নিয়মীয়া পৰীক্ষাৰ বাবে ছোনিয়া গান্ধীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

Congress Chief Sonia Gandhi discharged from hospital
স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হোৱাত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হ'ল ছোনিয়া গান্ধীক

নিউজ ডেস্ক, ২আগষ্ট: বৃহস্পতিবাৰে গঙ্গাৰাম হাস্পতালত ভৰ্তি কৰা কংগ্ৰেছৰ অন্তৰ্ৱতীকালীন সভানেত্ৰী ছোনিয়া গান্ধীক দেওবাৰে পুৱাই চিকিৎসালয়খনৰ পৰা অব্যাহতি দিয়া হয় । চিকিৎসালয়খনৰ পৰিচালন পৰিষদৰ অধ্যক্ষ গৰাকীয়ে জানিবলৈ দিয়া মতে, তেখেতৰ স্বাস্থ্যৰ নিয়মীয়া পৰীক্ষাৰ বাবে চিকিৎসালয় খনত ভৰ্তি কৰোৱা হৈছিল । চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ সময়ত কংগ্ৰেছ নেত্ৰী গৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিবলৈ দিলে অধ্যক্ষ গৰাকীয়ে ।

উল্লেখ্য যে, পেটৰ বিষৰ সমস্যাৰ বাবে চলিত বছৰৰেই ফেব্ৰুৱাৰী মাহত ৭৩ বছৰীয়া বৰ্ষীয়ান কংগ্ৰেছ নেত্ৰী গৰাকীক চিকিৎসালয় খনত ভৰ্তি কৰোৱা হৈছিল । তেতিয়াৰে পৰা চিকিৎসালয় খনৰ বুকু আৰু শ্বাসপ্ৰশ্বাস বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ অৰূপ কুমাৰ বসুয়ে ছোনীয়া গান্ধীক চোৱা-চিতা কৰি আহিছিল ।

বিগত সপ্তাহৰ বৃহস্পতিবাৰে ছোনীয়া গান্ধীৰ সভাপতিত্বতে ৰাজ্য সভাৰ নৱ নিৰ্বাচিত দলীয় সাংসদ সকলৰে এখন আলোচনা চক্ৰ অনুস্থিত হৈছিল । দেশৰ বৰ্তমানৰ সংকটকালীন পৰিস্থিতি আৰু ৰাজনৈতিক বিষয় সমূহৰ ওপৰত দলীয় সাংসদ সকলৰ লগত প্ৰায় তিনি ঘণ্টা ধৰি আলোচনা হৈছিল । এই আলোচনা চক্ৰত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙকে ধৰি ৰাজ্যসভাৰ সাংসদ সকল উপস্থিত আছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.