নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ দেশজুৰি চলি থকা লক ডাউনৰ সময়ছোৱাতে শনিবাৰে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীৰ নেতৃত্ব অনুষ্ঠিত হয় এখন বৈঠক । মুঠ ১১ জনীয়া কংগ্ৰেছৰ নেতা সৈতে অনুষ্ঠিত হয় বৈঠক । বৈঠক উপস্থিত থাকে কংগ্ৰেছ নেতা ৰাহুল গান্ধী,প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং,পি চিদাম্বৰমকে ধৰি বহু কেইগৰাকী কংগ্ৰেছী নেতা । বিভিন্ন বিষয়ত পৰামৰ্শ আগবঢ়োৱাৰ বাবেই অনুষ্ঠিত কৰা হয় এই গুৰুত্বপূৰ্ণ বৈঠখন ।
![COVID-19](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6842353_414_6842353_1587203351845.png)
আনহাতে,এক বিবৃতিত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে,চি ভেনুগোপালে কয় যে,প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং,ৰাহুল গান্ধী,পি. চিদাম্বৰম,কে.চি ভানুগোপাল, মনীষ তিৱাৰী,জয়ৰাম ৰমেশ,ৰাজদ্বীপ সিং সুৰুজৱালা,প্ৰবীণ চক্ৰৱৰ্তী,গৌৰৱ ভাল্লাহ,সুপ্ৰিয়া শ্ৰীনাট আৰু ৰোহন গুপ্তাৰ সৈতে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে বৈঠক অনুষ্ঠিত কৰি পৰামৰ্শ আগবঢ়োৱাৰ বাবে এটি দল গঠন কৰে।
লগতে সাধাৰণ সম্পাদক ভেনুগোপালে কয় যে,এই পৰামৰ্শদাতাসকলৰ লগত প্ৰত্যেক দিনাই বিভিন্ন চিন্তা চৰ্চা সন্দৰ্ভত তথা কংগ্ৰেছ দলৰ ল'বলগীয়া পদক্ষেপসমূহ সন্দৰ্ভত বাৰ্তালাপ কৰিব । কংগ্ৰেছে ইতিমধ্যে ৪০ দিনীয়া লক ডাউনৰ সময়ছোৱাত কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ বৰ্তমানৰ শাসনাধীষ্ঠ বিজেপি চৰকাৰলৈ বিভিন্ন পৰামৰ্শ আগবঢ়াইছে বুলি মন্তব্য কৰে সম্পাদক গৰাকীয়ে।
আনহাতে,শুকুৰবাৰে কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীয়ে বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ সংকটময় সময়ছোৱাত সকলো ৰাজনীতি দলক একেলগ হৈ কাম কৰিব লাগে বুলিও মন্তব্য প্ৰকাশ কৰে ।